দ্ৰৌপদী মৰ্মু জয়ী হোৱাৰ কামনাৰে ওদালগুৰিত বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনা…

ডিজিটেল সংবাদ,ওৰাং:– আজি অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দ্ৰৌপদী মৰ্মুৰ জয় নিশ্চিত হোৱাৰ কামনাৰে ৰবিবাৰে সন্ধিয়া ৮ বজাত ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৰৌতা চাৰিআলিত থকা হনুমান মন্দিৰত অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনা কাৰ্যসূচী।

এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মৰ্মুৰ জয় নিশ্চয় হোৱাৰ কামনাৰে যুৱ মৰ্চা আৰু ৰৌতা মণ্ডল বিজেপিৰ কাৰ্য কৰ্তা সকলে ৰৌতা চাৰিআলিত থকা হনুমান মন্দিৰত প্ৰথমে পুৰোহিতৰ দ্বাৰা প্ৰাৰ্থনা অনুষ্ঠিত কৰে। মঙ্গল ধ্বনিৰ মাজেৰে হনুমান মন্দিৰত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মৰ্মুৰ কুশল মঙ্গলৰ বাবে অনুষ্ঠিত হয় সমূহীয়া প্ৰাৰ্থনা।

ইয়াৰ পিছতে বিজেপিৰ কাৰ্য কৰ্তা সকলে মন্দিৰৰ চৌহদত প্ৰজ্বলন কৰে ৫১ গছি বন্তি। দ্ৰৌপদী মৰ্মুক শুভেচ্ছা আৰু কুশল মঙ্গলৰ বাবে অনুষ্ঠিত কৰা কাৰ্যসূচীৰ আত ধৰে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকাই। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান।

অনুষ্ঠানত উপস্থিত থাকি চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ ভোট লাভ কৰি সাংসদ আৰু বিধায়ক হোৱা সকলো বিৰোধী সাংসদ আৰু বিধায়কক ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মৰ্মুক ভোট দিবলৈ আহ্বান জনায় ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষানে।

ওদালগুৰি জিলা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে ৰৌতা মণ্ডল বিজেপিৰ সভাপতি চৰণ নাৰ্জাৰী, ওদালগুৰি জিলা কিষান মৰ্চাৰ উপ সভাপতি ৰবিন দৈমাৰী, ওদালগুৰি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মৌচুংগ্ৰা বসুমতাৰী, ৰৌতা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক খগেন বসুমতাৰী, অতুল কোচ, কষ্ট ৰাম বাগলাৰীৰ লগতে ওদালগুৰি জিলা আৰু ৰৌতা মণ্ডল বিজেপিৰ কাৰ্য কৰ্তা সকল।


আৰু পঢ়ক: কোন দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? আজি অনুষ্ঠিত হ’ব নিৰ্বাচন…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LJIUYOf
via IFTTT

Comments