জম্মু-কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি….

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত শনিবাৰে পুৱাই সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা। আৰক্ষীয়ে টুইট যোগে প্ৰকাশ কৰা তথ্য অনুসৰি চহৰ খনৰ কৰেৰী অঞ্চলৰ বাণীগাম নামৰ ঠাইত সন্ত্ৰাসবাদী দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তাৰক্ষী আৰু সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি অভিযান আৰম্ভ কৰে।
অভিযানৰ এই সময় চোৱাত আৰক্ষীৰ ফালৰ পৰা সন্ত্ৰাসবাদী দলটোলৈ গুলী চলোৱা হৈছিল আৰু দুইটা পক্ষৰ মাজতেই সৃষ্টি হৈছিল সংঘৰ্ষৰ । এই সংঘৰ্ষত কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বৰ্তমানেও উতপ্ত হৈ আছে পৰিস্থিতি। উল্লেখ্য যে বুধবাৰেও দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সেনা আৰু সন্ত্ৰাসবাদী মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ESoVPBm
via IFTTT
Comments
Post a Comment