ৰাজ্যত নাটনি হ’ব ৰন্ধন গেছ…

ডিজিটেল ডেস্ক: ৰাজ্যত নাটনি হ’ব ৰন্ধন গেছ।ৰন্ধন গেছ পৰিবহণ কৰা প্ৰকল্প সন্থাই গেছৰ চিলিণ্ডাৰ পৰিবহণ নকৰাৰ বাবেই এই নাটনিয়ে দেখা দিব।তেওঁলোকৰ বিভিন্ন দাবী সমাধান নকৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাতটা প্ৰকল্পত ৰন্ধন গেছ বটলিং বন্ধ হৈ পৰিব।

ইয়াৰ ফলতে ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত গেছ এজেন্সি সমূহ অসুবিধাৰ সন্মুখিন হব।উল্লেখযোগ্য যে আইঅচিএল কৰ্তৃপক্ষৰ প্ৰবঞ্চনাৰ অভিযোগ তুলি এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ফলত তিনিচুকীয়া,বঙাইগাওঁ,ডিমাপুৰ,শিলচৰ,মিৰ্জা,উত্তৰ গুৱাহাটীত থকা ৰন্ধন গেছৰ বটলিং ফেক্টৰী সমূহলৈ গেছ পৰিবহণত ব্যাঘাত জন্মিব।

আৰু পঢ়ক:আন এক অভিলেখৰ গৰাকী হ’ল নীৰজ চোপ্ৰাঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জয় কৰিলে ৰূপৰ পদক…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/P5cQTgD
via IFTTT

Comments