দলগাঁৱৰ খেৰনী চাপৰিত ধনশ্ৰী নৈৰ গৰাখহনীয়াঃ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ…

ডিজিটেল সংবাদ দলগাঁওঃ অসমৰ ভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ বিভিন্ন অঞ্চল বান পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে৷ বৰ্তমান বান পৰিস্থিতি উন্নত হৈছে যদিও অব্যাহত আছে তীব্ৰ গৰাখহনীয়া। দলগাওঁ বিধান সভা সমষ্টিৰ আৰিমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত খেৰনি চাপৰিৰ লোক সকলে গৰাখহনীয়াক লৈ তীব্ৰ শংকাত ভুগিছে ।

ধনশ্ৰী নৈৰ গৰাখহনীয়াই ভাবুকি আনিছে খেৰনি চাপৰি গাঁৱলৈ। গাওঁ খনৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নৈখনে উটুৱাই নিছে। জাহ গৈছে বহুতৰে সপোনৰ ঘৰ। গৰাখহনীয়াই বিপদ মাতি আনিছে মথাউৰি লৈ৷ মথাউৰি চিঙিলে বহুতৰ ঘৰ তথা খেতি মাটি উটুৱাই নিব ধনশ্ৰী নৈয়ে৷

বিভাগীয় কৰ্তৃপক্ষই অচিৰেই গৰাখহনীয়া ৰোধৰ বাবে অতি শীধ্ৰে ব্যৱস্থা নকৰিলে গাঁও খন নদীৰ বুকত বিলীন হৈ যাব৷ এই সন্দৰ্ভত স্থানীয় সচেতন ৰাইজে জিঅ’ বেগ, বাঁহৰ খুটাৰে বেৰিকেড দি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষক কাতৰ আহ্বান জনায়৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lYB0SGt
via IFTTT

Comments