অসম হাইস্কুল শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ ২০১৩ চনৰ প্ৰাদেশিকীকৰণৰ সময়ত ৰৈ যোৱা পদত নিযুক্তিৰ দাবী…

ডিজিটেল সংবাদ কলিয়াবৰ: অসম হাইস্কুল শিক্ষক সংস্থাই ২০১৩ চনত প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয়ত ৰৈ যোৱা পদ সমূহত শীঘ্ৰে নিযুক্তি দিবলৈ দাবী জনাইছে। বৃহস্পতিবাৰে সংস্থাৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংস্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত হোৱা আলোচনাৰ অন্তত সংস্থাই চৰকাৰক এই বিষয়ত জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।
সংস্থাই ২০২০ চনৰ ৫ ডিচেম্বৰ আৰু ২০২১ ৰ ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত সমূহ আজিও কাৰ্যকৰী নোহোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই সিদ্ধান্ত সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সংস্থাৰ জিলা সমিতি সমূহে বিদ্যালয় সমূহৰ পৰিদৰ্শকক স্মাৰক পত্ৰ প্ৰদান কৰিব।
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা সভাৰ সিদ্ধান্ত সমূহ শীঘ্ৰে কাৰ্যকৰী নকৰিলে সংস্থাই ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে । সংগীত, ক্ৰাফট,হিন্দী, সংস্কৃতৰ পদ সমূহ নিয়মীয়া কৰাৰ দাবী জনায়। বুধবাৰে হোৱা ভি চিৰ সিদ্ধান্ত সমূহত সংস্থাই অসন্তুষ্টি প্ৰকাশ কৰে।
সংস্থাই এই বিষয় সমূহৰ ওপৰত চৰকাৰৰ লগত আলোচনা হোৱাটো বিচাৰিছে। চৰকাৰে আলোচনাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰিলে আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি আজিৰ কাৰ্যনিৰ্বাহক সভাই মত পোষন কৰে। আজি এই কথা সংস্থাৰ ৰাজ্যিক সভাপতি খনিন্দ্ৰ নাথ গোস্বামী আৰু সম্পাদক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8mQnlYy
via IFTTT
Comments
Post a Comment