কেৰালাত নিৰুদ্দিষ্ট ধেমাজিৰ ডিম্পলক উদ্ধাৰ কৰিলে ৰে’লৱেত কৰ্মৰত মঙ্গলদৈৰ যুৱকে…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ সুবাহী বঙ্গালমাৰী গাঁৱৰ ডিম্পল চমুৱা (৩৫) নামৰ যুৱকজনে যোৱা ২ জুলাইতেই একে গাঁৱৰে লক্ষী বৰুৱা(ডৌকন)ৰ সৈতে কৰ্ম সূত্ৰে কৰেলালৈ গৈছিল ৷ ঘটনা ক্ৰমে ২ জুলাইতেই বিয়লি প্ৰায় ৩.৩০ মান বজাত ঘৰৰ পৰা উলাই একে দিনাই ৰাতিয়েই ডিব্ৰুগড়ৰ ৰে’লৱে ষ্টেচনৰ পৰা কৰেলালৈ ট্ৰেইনেৰে যাত্ৰা কৰে ৷

যোৱা ৫ জুলাইত ৰাতি ১২ মান বজাত কেৰেলা ৰাজ্যৰ কট্ৰেম নামৰ ৰে’লৱে ষ্টেচনত গৈ নমা কিছু সময় পিছতেই সন্ধানহীন হৈ পৰে ডিম্পল ৷ লগৰ বন্ধুজনে ষ্টেচনতেই বহু সময়লৈকে অপেক্ষা কৰি বিচাৰিও কোনো সূংসূত্ৰ উলিয়াব নোৱাৰিলে ৷

কিংকৰ্তব্যবিমূঢ় হৈ পৰা বন্ধুজনে ডিম্পলৰ পৰিয়াল বৰ্গক ঘটনা সবিশেষ জনোৱাৰ পিছৰে পৰাই পৰিয়ালে ডিম্পলক বিচাৰিও কোনো সূংসূত্ৰ পোৱা নাছিল। দেওবাৰে বিয়লি হঠাতে মঙ্গলদৈ জিলাৰ নেওগ পাৰা গাঁৱৰ নিবাসী তথা ৰেল বিভাগৰ কৰ্মসূত্ৰে কেৰেলাত থকা মুছাৰফ খান নামৰ যুৱকজনে যোৱা ৯ জুলাইত ৰাতি প্ৰায় ১০ মান বজাত এনেকুলাম কেৰেলা কুচিন চাউথ ৰে’লৱে ষ্টেচনত থকা ভিডিঅ’সহ ধেমাজি সাংবাদিক সকলৰ ফেচবুকত থকা মবাইল নম্বৰলৈ ফোন কৰি ডিম্পল চমুৱাৰ উ্দ্ধাৰ তথ্যৰ সম্পৰ্কে প্ৰেৰc কৰে ৷

পিছত ধেমাজি প্ৰেছ ক্লাৱৰ সাংবাদিক দ্বয় বিজন শৰ্মা আৰু অশ্বিনী কুমাৰ দুৱৰাJ নেতৃত্বত সুবাহী বংঙ্গালমাৰী গাঁৱৰ
ডিম্পল চমুৱাৰ পিতৃ – মাতৃৰ সৈতে ডিম্পলৰ উদ্ধাৰকাৰী মুছাৰফ খানৰ সৈতে যোগাযোগ কৰায় দিয়াত ডিম্পলৰ
পৰিয়ালবৰ্গই ধেমাজি প্ৰেছ ক্লাৱক ধন্যবাদ জনায়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/E0ws8er
via IFTTT

Comments