দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হোৱাৰ দিশে দ্ৰৌপদী মুৰ্মু ! চাওঁতাল ছাত্ৰ সন্থাই জনালে সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ সকলো ঠিকেই থাকিলে, ভোট যুদ্ধত এন ডি এৰ শক্তি হ্ৰাস নহ’লে দেশে প্ৰথমগৰাকী জনজাতীয় লোকক ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিব। প্ৰতিভা দেৱী সিং পাটিলৰ পিছতে দ্বিত্বীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি ৰূপত দ্ৰৌপদী মুৰ্মুকলাভ কৰিব ! দ্ৰৌপদী মুৰ্মুক এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসমৰ চাওঁতাল জনগোষ্ঠীয় লোকসকল।

দ্ৰৌপদী মুৰ্মু ভাৰতৰ অন্যতম প্ৰাচীন জনজাতী চাওঁতাল সকলৰ প্ৰতিনিধি। এইগৰাকী চাওঁতালী মহিলাই ইতিমধ্যে ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে সফলতাৰে দায়িত্ব পালন কৰি জনগোষ্ঠীটোক গৌৰৱান্বিত কৰিছে। নিজ জনগোষ্ঠীৰ মাজৰ পৰা দ্ৰৌপদী মুৰ্মুৰ ৰূপত এগৰাকী মহিলাই দেশৰ সৰ্বোচ্ছ সাংবিধানিক পদবীত অধিস্থিত হোৱাৰ বাট মুকলি হোৱাত স্বাভাৱিকতে চাওঁতাল জনগোষ্ঠীয় লোকসকল উৎফুল্লিত হৈছে।

ইয়াৰ মাজতে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰচাৰৰ বাবে আহি উপস্থিত হোৱা দ্ৰৌপদী মুৰ্মুক গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে সাক্ষাত কৰি আগন্তুক নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। গুৱাহাটীত সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি মিণ্টু হেমব্ৰমে দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰি চাওঁতালী বস্ত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি সৰ্বোচ্ছ সাংবাধানিক পদবীত অধিষ্ঠিত হোৱাৰ বাট মুকলি হোৱা বিষয়টোৱে অসমৰ চাওঁতাল জনগোষ্ঠীয় লোকসকলক আনন্দিত কৰিছে বুলি অৱগত কৰে।

উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু ২০১৫ চনত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল হিচাপে পৰিগণিত হোৱাৰ লগতে ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপেও দ্ৰৌপদী মুৰ্মুৱে ইতিহাস ৰচিছিল। চাওঁতাল জনজাতীয় এই নেত্ৰীগৰাকীয়ে বিজেপিৰ হৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। উৰিষ্যাৰ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত তেওঁ পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

কাউন্সিলৰ হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা দ্ৰৌপদী মুৰ্মু পিছত ৰায়ৰংপুৰ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ বা এনএচিৰ উপাধ্যক্ষ হৈছিল। তেওঁ বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VHFxtiM
via IFTTT

Comments