ঢকুৱাখনাৰ বগৰী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ডিজিটেল সংবাদ ,ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খেৰকটা পঞ্চায়তৰ বগৰী গাঁওত বৃহস্পতি বাৰে পুৱা উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ । বগৰী গাঁওৰ এজোপা বাঁহ গছৰ ওপৰত উঠি থকা অৱস্থাত অজগৰটো প্ৰত্যক্ষ কৰে খেৰকটা আঞ্চলিক টি এম পি কেৰ উপ সভাপতি আমিৰ দলে আৰু লবন দলেয়ে।

প্ৰায় ১৪ কিলোগ্ৰাম ২৮০ গ্ৰাম ওজনৰ  অজগৰটো  বাঁহ গছৰ ওপৰত উঠি থকা দেখি ৰাইজ আৰু ঢকুৱাখনা আৰক্ষীৰ উপস্থিতিত  “চেভ গ্ৰীণ ৱৰ্ল্ড মিছন”ৰ গ্ৰীণ ডাইৰেক্টৰ মঞ্জিত পাতিৰে অজগৰটো গছৰ পৰা নমাই ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়লৈ সুস্থ ভাৱে আনে । পৰৱৰ্তী সময়ত অজগৰটো দুলুং বনাঞ্চলত মেলি দিয়াৰ ব্যৱস্থা কৰে বন বিভাগে ।

আৰু পঢ়ক: বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/58aoCYH
via IFTTT

Comments