দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিৰুদ্দেশ এগৰাকী মহিলা…

ডিজিটেল ডেস্কঃ ২৮ জুলাইৰ পাৰা সন্ধানহীন হৈ আছে বৰভিঠা গাঁৱৰ এগৰাকী মহিলা । স্বামীগৃহৰ পৰা নিৰুদ্দেশ হৈ থকা মহিলা গৰাকী হ’ল বৰভিঠা গাঁৱৰ আব্বাছ আলীৰ পত্নী মমতাজ বেগম । ঘটনা সন্দৰ্ভত মমতাজ বেগমৰ স্বামী আব্বাছ আলীয়ে গৰৈমাৰী আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে । পৰিয়ালৰ লোকে মহিলা গৰাকীক বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিছে যদিও এই পৰ্যন্ত আব্বাছ আলীৰ পত্নী মমতাজ বেগমৰ  কোনো সন্ধান উলিয়াব পৰা নাই ৷

কোনো সদাশয় লোকে গৰৈমাৰীৰ বৰভিঠাৰ আব্বাছ আলীৰ পত্নী মমতাজ বেগমৰ সন্ধান পায় তেনেহলে ৯৭০৭৮-৮৭৩৫৭ ম’বাইল নম্বৰ তথা স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VjxLXN4
via IFTTT

Comments