বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ লোৱা ১৪ টা গৰু জব্দ…

ডিজিটেল সংবাদ ছমৰীয়া: কামৰূপ জিলাৰ বকোৰ নোৱাপাৰাত চোৰাং গৰুৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান।শনিবাৰে সন্ধিয়া বকোৰ নোৱাপাৰাত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ১৪ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান। প্ৰাপ্ত তথ্য মতে আৰক্ষী অহাৰ উমান পাই গৰু কেইটা এৰি সৰবৰাহকাৰী পলায়ন কৰে। বকোৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ নিয়া হৈছিল চোৰাং গৰু কেইটা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eF5QM1k
via IFTTT
Comments
Post a Comment