৭খন জিলাক সংযোগ কৰা ২৯৬ কিলোমিটাৰ দীঘল বুন্দেলখণ্ড এক্সপ্ৰেছৱে আজি প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব…

ডিজিটেল ডেস্ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ উৰাই তেহচিলৰ কাথেৰী গাঁৱত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল। এই এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈছে আৰু আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰী মোডীয়ে কালি উদ্বোধন সন্দৰ্ভত এটা টুইট প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ১৬ জুলাই বুন্দেলখণ্ড অঞ্চলৰ মোৰ ভগ্নী আৰু ভাতৃসকলৰ বাবে এক বিশেষ দিন। বুন্দেলখণ্ড এক্সপ্ৰেছৱে জালাউন জিলাৰ এক অনুষ্ঠানত উদ্বোধন কৰা হ’ব। প্ৰকল্পটোৱে স্থানীয় অৰ্থনীতি আৰু সংযোগ বৃদ্ধি কৰিব।
আন এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে লিখিছে যে বুন্দেলখণ্ড এক্সপ্ৰেছৱে ৭খন জিলাৰ মাজেৰে পাৰ হ’ব। ই স্থানীয় অৰ্থনীতিত যথেষ্ট লাভান্বিত কৰিব।এই ক্ষেত্ৰত বৃহৎ ঔদ্যোগিক বিকাশ হ’ব আৰু ই স্থানীয় যুৱসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিব।
উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱেজ ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ(ইউপিইডিএ)অধীনত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয়েৰে চাৰি লেনৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে আৰু দীৰ্ঘম্যাদী সময়ত ইয়াক ছয় লেনলৈ সম্প্ৰসাৰিত কৰিব পাৰিব।
আৰু পঢ়ক: জনতা দল(চেকুলাৰ)য়ে সমৰ্থন কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/brVLjTR
via IFTTT
Comments
Post a Comment