ধেমাজি প্ৰেছ ক্লাৱত অয্যোধ্যা পেগুৰ অভিনন্দন গ্ৰন্থ “অনন্যা” উন্মোচন…

ডিজিটেল সংবাদ ধেমাজিঃ অসম মহিলা সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত ধেমাজি টাউন হাই স্কুলৰ অৱসৰ প্ৰাপ্ত বিজ্ঞান শিক্ষয়িত্ৰী তথা মিচিং সমাজৰ বিজ্ঞানৰ প্ৰথম মহিলা স্নাতক আৰু প্ৰথম মহিলা কটনিয়ান অয্যোধ্যা পেগুৰ জীৱন আৰু ব্যক্তিত্বলৈ এখনি অভিনন্দন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’য় ৷ এই উপলক্ষে ধেমাজি বালিকা মধ্যইৰাংজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা সমাজ সেৱীকা অমীয়া তামুলী বৰুৱাৰ সভানেত্ৰীত্বত এখনি সভা অনুষ্ঠিত হ’য় ৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম মহিলা সংঘৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী উত্তৰা কলিতাই ৷ সভাৰ আৰম্ভণিতে ৰশ্মি কলিতাৰ সংগীতেৰে শুভাৰম্ভ হ’য় ৷ সভাত ধেমাজি টাউন হাইস্কুলৰ অৱসৰ প্ৰাপ্ত বিজ্ঞান শিক্ষয়িত্ৰী তথা অসম মহিলা সংঘৰ প্ৰাক্তন সভানেত্ৰী তথা সমাজ কৰ্মী অয্যোধ্যা পেগুৰ জীৱন আৰু ব্যক্তিত্বৰ সম্পৰ্কে ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী নিবেদিতা বড়া সন্দিকৈয়ে সম্পাদনা কৰা “ অনন্যা” নামৰ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে অসম ৰাজ্যিক মহিলা সংঘৰ সচিব অসমী
গগৈয়ে ৷
এই উপলক্ষে কাৰ্য্যসূচীৰ আগে পতাকা উত্তোলন কৰে ধেমাজি নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শশী মাই শইকীয়াই ৷ স্মৃতি তৰ্পন কাৰ্য্যসূচী অনুষ্ঠানটি সমাপন কৰে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী অয্যোধ্যা পেগুৱে ৷ সভাত অয্যোধ্যা পেগুৰ জীৱন আৰু ব্যক্তিত্বৰ লগতে সামগ্ৰীকভাৱে সমগ্ৰ নাৰীসমাজৰ সামাজিক উত্তৰণৰ বাবে পেগুৱে আগবঢ়াই অহা অৱদানৰ সম্পৰ্কে আলোকপাত কৰে সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া , ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক গোবিন চন্দ্ৰ মেদক ,জ্যেষ্ঠ অধিবক্তা কেশৱ সোনোৱাল , শিৱসাগৰ জোনালী গগৈ , ঢকুৱাখনা বিদ্যা বৰুৱা , ধেমাজি পৰিয়াল কল্যান কেন্দ্ৰৰ অধ্যক্ষা নিৰমা বৰুৱা , সাহিত্যিক পেঞ্চনা কৰবী দেউৰী , অৱসৰ প্ৰাপ্ত অধ্যক্ষা লাৱণ্য চুতীয়া লাহন , অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপালী ডেকাবৰগোহাঁই, ধেমাজি টাউন হাইস্কুলৰ অৱসৰ শিক্ষক ইন্দ্ৰ দলে আৰু অযোধ্যা পেগুৰ কন্যা তথা জে এন ইউৰ অধ্যাপিকা ড° ৰিংকু পেগুৱে ৷
ইয়াৰ আগে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজ সেৱীকা অয্যোধ্যা পেগুক সম্বধৰ্না জনায় সাহিত্যিক পেঞ্চনা তথা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী কৰবী দেউৰী , অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপালী ডকা বৰগোহাঁই , ধেমাজি পৰিয়াল কল্যান সভানেত্ৰী নিৰমা বৰুৱা আৰু ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা লাৱন্য লাহন চুতীয়াই ৷ শেষত জাতীয় সংগীতেৰে কাৰ্য্যসূচী সফল সামৰণি পৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/t4oArLv
via IFTTT
Comments
Post a Comment