ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত চপাইত বাগৰুম্বা নৃত্য কৰ্মশালা সামৰণি…

ডিজিটেল সংবাদ,‌মঙলদৈ : ‘সংস্কৃতিৰ জৰিয়তে ঐক্য সংহতিৰ লগতে সমন্বয়ৰ সেঁতু যে গঢ়ি উঠে ইয়াৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে চপাই যুৱ কল্যাণ কেন্দ্ৰই। তেওঁলোকে অসমীয়া – বঙালীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি কৰ্মশালাৰ জৰিয়তে বাগৰুম্বা নৃত্য শিকাই সমাজলৈ এক ইতিবাচক বাৰ্তা দাঙি ধৰিছে। আনহাতে প্ৰায় ৫০ জনী শিশু, কিশোৰী, যুৱতীয়ে যি নৃত্য প্ৰদৰ্শন কৰিলে ই সঁচাকৈয়ে অপূৰ্ব হৈছে’ – এই ভাষ্য সাংস্কৃতিক সংগঠক, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মণৰ।

সাংস্কৃতিক কেন্দ্ৰ, ছিপাঝাৰৰ উদ্যোগত আৰু চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সহযোগত চপাইত যোৱা ২০ জুলাইৰ পৰা হোৱা বাগৰুম্বা নৃত্য কৰ্মশালাৰ আজিৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়। চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত জ্যেষ্ঠ সাংবাদিক গণেশ দত্তৰ সঞ্চালনাত হোৱা সামৰণি অনুষ্ঠানত ভৱেন বৰ্মণে লগতে কয় যে, সাংস্কৃতিক মঞ্চই আমাক একতাৰ জৰীৰে বান্ধে।

যান্ত্ৰিক জীৱনত সমন্বয়ৰ বাৰ্তা বিলায়। দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই কয় যে, নৱপ্ৰজন্ম লোক কলা কৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈছে। তেওঁলোকক এতিয়া সঠিক ভাৱে আগবঢ়াই লৈ যোৱাটো জ্যেষ্ঠ সকলৰ দায়িত্ব আৰু কৰ্তব্য। ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লক্ষীকান্ত শৰ্মা, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সদস্য ভূপাল বৰুৱা, ন্যাস সমিতিৰ সভাপতি দূৰ্লভ শৰ্মা, মুখ্য প্ৰশিক্ষক বিদ্যুৎ চাহাৰীয়ে বক্তব্য প্ৰদান কৰা এই অনুষ্ঠানত প্ৰশিক্ষক বিদ্যুৎ চাহাৰী, নিৰ্মল বড়ো, নিখিল বাগলাৰী, ৰিম্পী দৈমাৰী, পূজা বড়ো, লোক সংস্কৃতিৰ সাধক নীলকান্ত ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ পিছতে অতিথিৰ লগতে চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাচিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়া, দৰং কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অন্তিৰাম ডেকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুগ্ধ ডেকা, প্ৰধান শিক্ষক লক্ষীকান্ত ডেকা, শিল্পী মহেন্দ্ৰ ডেকা, গৌৰীকান্ত শৰ্মা, পূৰ্ণানন্দ ডেকা, শিক্ষয়িত্ৰী ৰুনু দত্ত, সমাজকৰ্মী উপেন চন্দ্ৰ ডেকা, নাৰায়ণ ডেকা, প্ৰবীণ ডেকা, কবি ইবিনাথ ৰাভা, কল্পনা দাস আদিয়ে ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ বিতৰণ কৰে। 

আৰু পঢ়ক: বিহপুৰীয়াত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ যুৱ কংগ্ৰেছৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kDoqCxa
via IFTTT

Comments