সাৱধান ! মাৰাত্মক হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটো..

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে গুজৰাটৰ এটা পৰিয়ালৰ সৈতে সংঘটিত হৈছিল এক শোকাবহ ঘটনা। পুত্ৰ জিমলৈ যোৱাৰ পাছত পৰিয়ালটোৰ পিটবুল প্ৰজাতিৰ পোহনীয়া কুকুৰটোৱে নিৰ্মম ভাৱে ভক্ষণ কৰিছিল মালিকৰ শৰীৰ অংগ, যাৰ ফলত মৃত্যু হৈছিল মহিলা গৰাকীৰ।

এইবাৰ স্থান পাঞ্জাৱ, পাঞ্জাৱত সংঘটিত হৈছে একেই ঘটনা পাঞ্জাৱৰ গুড়ডাছপুৰ নামৰ অঞ্চলত এটা পোহনীয়া পিটবুল প্ৰজাতিৰ কুকুৰৰ আক্ৰমণৰ বলি হৈছে এটি ১৩ বছৰীয়া শিশু। পোহনীয়া কুকুৰটোৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে শিশুটি ।

ঘটনা অনুসৰি ১৩ বছৰীয়া গুৰপীত সিং পিতৃৰ সৈতে স্কুটাৰত গৈ থকাৰ সময়তেই ৰাস্তাৰে গৈ থকা কুকুৰটোৱে আক্ৰমণ কৰিছিল দুয়োকে, যাৰ ফলত মাটিত বাগৰি পৰিছিল শিশুটি তাৰ পাছতেই কান আৰু মুখত ভয়ানক ভাবে আক্ৰমণ কৰিছিল পোহনীয়া কুকুৰটোৱে। এই একাধিক ঘটনাৰ পাছত পিটবুল প্ৰজাতিৰ কুকুৰ পোহাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও চৰ্চালৈ আহিছে। সমান্তৰালকৈ পোহনীয়া জন্তু পোহাৰ সময়ত সকলোকে সচেতন হ’বলৈ আহ্বান ভুক্তভুগি পৰিয়ালৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rVdSTDw
via IFTTT

Comments