ফটকা ফুটাই বিজয়োৎসৱ পালন কৰিলে বিজেপিয়ে…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ এন ডি এৰ মনোনিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ মহামহিম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত বিজেপিয়ে ফটকা- আতচবাজী ফুটাই বিজয়োৎসৱ পালন কৰে । দেশৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰ বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে দ্ৰৌপদী মুৰ্মুলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত জিলা বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে জিলাখনৰ মণ্ডল পৰ্যায়তো বিজয়োৎসৱ পালন কৰে বিজেপিৰ নেতা- কৰ্মীসকলে । বিজয়োৎসৱ পালনৰ অন্তত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মই মহামহিম ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক প্ৰশংসা কৰে ।

বিজেপিয়ে যে সকলো জাতি- জনগোষ্ঠীক লৈ আগবাঢ়ি যাব খোজে ইয়ে ডাঙৰ প্ৰমান বুলি মন্তব্য কৰি ৰাজকুমাৰ ব্ৰহ্মই আজিৰ এই ক্ষণ ঐতিহাসিক ক্ষণ বুলি মন্তব্য কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে থলুৱাৰ সুখ -দুখ বুজি পাব বুলি আশা প্ৰকাশ কৰিছে । কোকৰাঝাৰত আজিৰ বিজয়োৎসৱত বি টি চিৰ নিৰ্বাচিত সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মও উপস্থিত আছিল ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Coriw5s
via IFTTT

Comments