ভাঙি পেলোৱা হ’ব অসমৰ ৪ খন টোল গেট !

ডিজিটেল ডেস্কঃ যিসময়ত ৰাজ্যৰ জনসাধাৰণক টোল গেটে অতিষ্ঠ কৰি তুলিছে, এখনৰ পিছত আন এখন টোল গেট স্থাপনেৰে জনসাধাৰণৰ পৰা টোল টেক্স সংগ্ৰহৰ বাবে চৰকাৰে ককালত টঙালি বান্ধিছে ঠিক সেই সময়তে পোহৰলৈ আহিছে অসমৰ ৪ খনকৈ টোল গেটেই প্ৰকৃততে অবৈধ।

উল্লেখ্য যে ৰাজ্যত কেইবাখনো টোল গেট সক্ৰিয় হৈ থকাৰ লগতে আন বহু কেইখন টোল গেট নিৰ্মাণ কৰি থকা হৈছে। শীঘ্ৰেই এই নিৰ্মীয়মাণ টোল গেট কেইখন সক্ৰিয় হৈ উঠিব আৰু জনসাধাৰণে ইয়াট টোল টেক্স দি যাতায়ত কৰিব লাগিব। ইফালে পূৰ্বৰ তুলনাত আকৌ য়োৱা এপ্ৰিল মাহৰ পৰা বৃদ্ধি কৰা হৈছে টোল টেক্স।

প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ দেশত বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি ১৮৯ খনকৈ টোলগেট স্থাপন কৰি টোল টেক্স সংগ্ৰহ কৰি থকা হৈছে৷ এই আটাইকেইখন টোল গেটেই অবৈধ বুলি কোৱা হৈছে। এক স্বেচ্ছাসেৱী সংস্থাই তথ্য জনাৰ আইনৰ জৰিয়তে পোহৰলৈ আনিছে এই তথ্য। গ্ল’বেল পেনডেমিক ৰেচপন্ছ ফ’ৰাম নামৰ এটা স্বচ্ছাসেৱী সংগঠনে লাভ কৰা তথ্য মতে সমগ্ৰ দেশত ১৮৯ খন টোলগেট ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি স্থাপন কৰা হৈছে৷

এই ১৮৯ খন টোলগেটৰ ভিতৰত আছে অসমৰ ৪ খনকৈ টোলগেট। উল্লেখ্যে যে আইন অনুসৰি প্ৰতিখন টোলগেটৰ মাজত নূন্যতম ৬০ কিলোমিটাৰৰ ব্যৱধান থাকিব লাগে। কিন্ত ১৮৯ খন টোল গেটেৰ মাজৰ দূৰত্ব ১৮৯ তকৈ কম। ইয়াৰ ভতিৰত অসমৰ ৪ খন টোল গেটো এই নিয়ম ভংগ কৰি স্থাপন কৰা হৈছে।

তথ্য অনুসৰি অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হ’ল ৫৯ কিলোমিটাৰ। আনহাতে দাহালপাৰা আৰু পাটগাঁৱত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৪ কিলোমিটাৰ। মিকিৰআটি আৰু ৰহাত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ। গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৪৬ কিলোমিটাৰ।

তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে প্ৰকাশিত এই তথ্যই অসমৰ চাৰিখনকৈ টোলগেট ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি স্থাপন কৰা বিষয়টো স্পষ্ট হৈছে। চৰ্চা অনুসৰি নিয়ম উলংঘা কৰি স্থাপন কৰা এই টোল গেট কেইখন ভাহি পেলোৱা হ’ব। অৱশ্যে এই টোল গেট কেইখন ভাঙি পেলালেও পুনৰ ৬০ কিলোমিটাৰ ব্যৱধানত স্থাপন কৰি যে টোল টেক্স সংগ্ৰহৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব সেই কথাও চৰ্চা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3tVmEHL
via IFTTT

Comments