লামডিঙৰ একমাত্ৰ পশু চিকিৎসালয়ৰ দুৰৱস্থাঃ নিযুক্তিপ্ৰাপ্ত চিকিৎসকে ঘৰত বহিয়েই লৈ আছে দৰমহা…

ডিজিটেল সংবাদ লামডিঙঃ ‘আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল’- বহুল প্ৰচলিত এই ফকৰা যোজনাটিৰ দৰেই লামডিঙৰ এখন পশু চিকিৎসালয়খন ৷ হয় চৰকাৰী চিকিৎসালয় ঠিকে আছে কিন্তু নাই চিকিৎসলয়খনত উপযুক্ত চিকিৎসক ৷ চিকিৎসালয়খনৰ নিয়মীয়া চিকিৎসকৰ দায়িত্বত থকাৰ পিছতো বিগত বছৰ বছৰ ধৰি পশুপালক সকলে দেখা নাপালে চিকিৎসক গৰাকীক ৷
চিকিৎসকগৰাকী চিকিৎসালয়খনলৈ আহে মাহৰ মূৰত মাত্ৰ এদিন ভূমুকি মাৰিবলৈ। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় ৰাইজৰ ৷ মাত্ৰ দুজন কৰ্মচাৰী দ্বাৰা চলি আহিছে পশু চিকিৎসালয়খন ৷ এজন স্বাস্থ্য আৰু আনজন চতুৰ্থবৰ্গ কৰ্মী ৷
লামডিঙ ৰাম ঠাকুৰ বস্তিত থকা লামডিঙৰ একমাত্ৰ চিকিৎসালয় খনত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে লামডিঙৰ পশুপালক সকল ৷ কেৱল এয়াই নহয় চিকিৎসালয়খনত ১০ বছৰ ধৰি নাই খোৱা পানীৰ সুবিধা ৷ ইয়াৰোপৰি চিকিৎসক তথা পৰ্যাপ্ত পৰিমানৰ ঔষধকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰিছে এই চিকিৎসালয়খন৷
মাত্ৰ এজন স্বাস্থ্য কৰ্মীয়ে লামডিঙত নিষ্ঠাৰে নিজৰ সাধ্য অনুযায়ী অসুস্থ হৈ পৰা পশুক চিকিৎসা প্ৰদান কৰিছে কিন্তু চিকিৎসকৰ অভাৱত উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব নোৱাৰে বুলিও জনায় কৰ্মী গৰাকীয়ে ৷ সেয়হে এজন ভাল পশু চিকিৎসকক লামডিঙত স্থায়ীভাৱে নিয়মীয়াকৰন কৰিবলৈ আহ্বান জনায় কৰ্মৰত কৰ্মী গৰাকীয়ে৷
আনফালে অস্থায়ীভাৱে চোৱা চিতা কৰিবলৈ চিকিৎসালয়খনৰ চিকিৎসকৰ দায়িত্ব আছে বৰ্তমান লোচন ৰঞ্জন তালুকদাৰ ৷ কিন্তু ইয়াৰ পূৰ্বে স্থায়ীভাৱে নিয়মীয়াকৰন ভাৱে নিযুক্তি পোৱা চিকিৎসকসকলেও চিকিৎসালয়খনলৈ নহাৰ অভিযোগ উঠিছে ৷ এনেদৰেই একাংশ চিকিৎসকে ঘৰত বহি থাকিয়েই লৈ আছে চৰকাৰী চাকৰিৰ নামত মাহেকৰ মূৰৰ দৰমহা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hVPMlRJ
via IFTTT
Comments
Post a Comment