ক্ৰীড়া বাতৰিৰ শতবৰ্ষ অনুষ্ঠানৰ আৰম্ভণিঃ ১০০ ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা….

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অসমৰ ক্ৰীড়া বাতৰিৰ শতবৰ্ষ কাৰ্যসূচী এক আড়ম্বপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ মাজেৰে আজি উলহ-মালহেৰে উদযাপন কৰা হয়। বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভণি হিচাপে আজি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ ক্ৰীড়া সাংবাদিকতাৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা শতাধিক ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় আয়োজকে।
অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱাই আদৰণী ভাষণ দি ৰাজ্যখনৰ ক্ৰীড়া সাংবাদিকতাৰ বিষয়ে বিশদভাৱে দাঙি ধৰে। লগতে বছৰজোৰা কাৰ্যলূচীৰ বিষয়েও অৱগত কৰে সকলোকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে আনুষ্ঠানিকবাৱে এই শতবৰ্ষ জোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাজ্যখনৰ পৰম্পৰাগত খেলক গুৰুত্ব দিবলৈ আহ্বান জনায় সাংবাদ মাধ্যমক।
আনহাতে, অনুষ্ঠানত ভাগ লৈ অলিম্পিয়াল হাৰ্ডলাৰ ওড়িশ্যাৰ অনুৰাধা বিছৱালে কয় যে- ক্ৰীড়া সাংবাদিকসকলেই প্ৰতিভাৱান খেলুৱৈসকলক সকলোৰে মাজত পৰিচিত কৰাই দিয়ে। তদুপৰি দেশখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবেও ক্ৰীড়া সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।
আনহাতে, অৰ্জুন বঁটা বিজয়ী টেবল টেনিছ তাৰকা কমলেশ মেহতাই স্থানীয় ক্ৰীড়া বাতৰি প্ৰকাশৰ ক্ষেত্ৰত সাংবাদিকসকলক জোৰ দিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত অৰ্জুন বঁটা বিজয়ী অসম জীয়ৰী মনালিছা বৰুৱা মেহতা আৰু এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী জয়দীপ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বাগ লৈ বক্তব্য আগবঢ়ায় ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে। প্ৰাৰ্থনা হাজৰিকাই আঁত ধৰা আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰেমধৰ শৰ্মা, সমুদ্ৰগুপ্ত কাশ্যপ, ৰূপেন্দ্ৰ নাৰায়ণ বৰা, বলেন্দ্ৰমোহন চক্ৰৱৰ্তী. পবিত্ৰ গগৈ, মৃণাল তালুকদাৰ, নৱ ঠাকুৰীয়া আদি উপস্থিত থাকে।
আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় ‘শতায়ুৰ পদধ্বনি’ শীৰ্ষক এক স্মৰণিকাও। অনুষ্ঠাত ‘শতবৰ্ষীয় যাত্ৰা’ শীৰ্ষক এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়। আনহাতে, এই অনুষ্ঠানত বিশ্ব ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি জীয়ানী মেৰ্লো, হিমা দায়, নৱকমল ভূঞা আৰু লাভলীনা বৰগোঁহায়ে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তা প্ৰচাৰ কৰা হয়।
অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় মেঘালয়ৰ চিমেণ্টৰ বিক্ৰী আৰু বিপণন বিভাগৰ সভাপতি ড০ অনিল কাপুৰ আৰু এচিএৰ উপ-সভাপতি পৰীক্ষিত দত্তক। ক্ৰীড়া বাতৰিৰ শতবৰ্ষ কাৰ্যসূচী স্পনছ’ৰ কৰিছে অ’ এন জি চি, এন আৰ এন, টপচেম চিমেণ্ট, অসম ক্ৰিকেট সন্থা আৰু অন্যান্য শুভাকাংক্ষীসকলে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UZoTaHQ
via IFTTT
Comments
Post a Comment