ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত চিৰাং আৰক্ষীৰ সফল অভিযানঃ অস্ত্ৰ-শস্ত্ৰসহ ধন উদ্ধাৰ…

ডিজিটেল সংবাদ চিৰাংঃ যোৱা ৪ জুনৰ নিশাৰ ভাগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ অন্তৰ্গত আমটেকাৰ ক্ষুদ্ৰ ব্যৱসায়ী অনিল ইশ্বোৱাৰীক নিজ বাসগৃহতে অত্যাধুনিক এ কে ছিৰিজ ৰাইফলে দি গুলীয়াই আহত কৰাৰ লগতে এক আতংকিত পৰিৱেশ সৃষ্টি কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্ত উদয় নাৰ্জাৰী (৬০) আৰু চন্দন বৰগয়াৰীয়ে (৩৭) কালি চিৰাং আৰক্ষীৰ আগত আত্মসমৰ্পন কৰিলে। ইয়াৰ পিছতে তেওঁলোকে দিয়া তথ্যৰ ভিত্তিত আজি অৰ্থাত সোমবাৰে সন্ধিয়াৰ ভাগত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰায়ৰ নেতৃত্বত চিৰাং আৰক্ষীৰ এটা দলে অভিযান চলাই।

এই অভিযানত ৰুণীখাতা থানাৰ অন্তৰ্গত ২ নং শালবাৰী গাঁৱৰ বাসিন্দা তথা অভিযুক্ত উদয় নাৰ্জাৰীৰ বাসগৃহৰ পৰা প্লাষ্টিকেৰে মেৰিয়াই লুকাই থকা অবস্থাত এটা এ কে ছিৰিজৰ ৰাইফল, দুইজাঁই সজীৱ গুলী, এটা মেগজিন আৰু এটা পাঁচশ টকা নোটৰ বাণ্ডিল উদ্ধাৰ কৰে । চিৰাং আৰক্ষীয়ে সদৰি কৰা মতে আজি উদ্ধাৰ হোৱা এ কে ছিৰিজৰ ৰাইফলটো তেওঁলোকে ডকাইতি কাৰ্য্যত ব্যৱহৃত কৰাৰ কাৰণে সংগ্ৰহ কৰিছিল ।

উল্লেখ্য যে চিৰাং জিলা আৰক্ষীয়ে যোৱা ১৩ জুলাই তাৰিখে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন ক্ৰমে এন্থনী বসুমতাৰী (৩৫), মনোজ বসুমতাৰী (৩২) প্ৰানঞ্জয় নাৰ্জাৰী ওৰফে টেপলা (৩০) আৰু ১৭ জুলাই তাৰিখে উদয় নাৰ্জাৰী (৬০) আৰু চন্দন বয়গয়াৰী (৩৭) গ্ৰেপ্তাৰ কৰি বিজনীস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6s7fgnS
via IFTTT

Comments