ঢকুৱাখনাৰ গৰাখহনীয়া গ্ৰস্ত এলেকা পৰিদর্শন সাংসদ প্ৰদান বৰুৱাৰ

ডিজিটেল সংবাদ , ঢকুৱাখনা : ঢকুৱাখনা আৰু মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ অশনি সংকেত কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী গৰাখহনীয়াৰ ভয়াৱহতা পৰিদর্শন কৰিবলৈ দেওবাৰে খহনীয়া গ্ৰস্ত তাকাৰচুকত উপস্থিত হয় লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।
দেওবাৰে বিয়লি ৪ বজাত চিচি টেকেলিফুটা মথাউৰীত উপস্থিত হয় সাংসদ বৰুৱা । বৰুৱাই প্ৰথমে খহনীয়াই বিধ্বংসী ৰূপ লোৱা তাকাৰচুক অংশত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰমূৰ্তি প্ৰত্যক্ষ কৰে আৰু জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধ আঁচনিৰ বুজ লয় । সাংসদ গৰাকীৰ পৰিভ্ৰমণক কেন্দ্ৰ কৰি খহনীয়া থলীত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত জটিল সমস্যাটোৰ সন্দৰ্ভত ৰাইজৰ জৰিয়তে বিশদ ভাবে অৱগত হয় সাংসদ গৰাকী ।
পাছত সমগ্ৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰি সাংসদ গৰাকীয়ে খহনীয়া আৰম্ভ হোৱাৰ লগে লগেই জিলা প্ৰশাসন ,জলসম্পদ বিভাগে খুব তৎপৰতাৰে প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি সাময়িক ভাৱে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি কৈ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুছ হাজৰিকাৰ অৱগত হোৱা এই সমস্যাৰ অস্থায়ী সমাধানৰ বাবে অধিক পৰ্কিউপাইন আৰু জিঅ বেগ আহি আছে বুলি কয়।
সাংসদ বৰুৱাই স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ বাবে খৰালি প্ৰয়োজনীয় অধিক কাৰিকৰী জৰীপ সম্পন্ন কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে বিভাগে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি নিশ্চয়তা দিয়ে সংবাদ মাধ্যমক । উল্লেখ্য যে সাংসদ বৰুৱাৰ এই পৰিদর্শন কালত ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু দলীয় নেতা কৰ্মী সকলেও সংগ দিয়ে ।
আৰু পঢ়ক: ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল মহিলাৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Nvuz5YT
via IFTTT
Comments
Post a Comment