১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ধেমাজি উপায়ুক্তক আঞ্চলিক ছাত্র সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি নগৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলিজানৰ পৰা নগাখেলীয়ালৈকে প্ৰায় চাৰি কিলোমিটাৰ দৈঘ্যৰ পথচোৱা অতি বিধস্ত হৈ পৰিছে ৷ দৈনিক যাতায়ত কৰা বিধস্ত পথছোৱাই ছাত্র-ছাত্ৰী , ৰোগী , চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী আৰু সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হোৱাৰ লগতে দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
চৰকাৰ তথা জিলা প্ৰশাসনে জৰাৰ্জীন পথটি দেখিও নেদেখা ভাওজুৰি কোনোধৰণৰ মেৰামতি ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ তুলি ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কৰুণ জ্যোতি চেতিয়া আৰু সাধাৰণ সম্পাদক ৰন্টু গগৈয়ে পথ নিৰ্মাণৰ দাবীত স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ধেমাজি উপায়ুক্তক মঙ্গলবাৰে প্ৰদান কৰে।
স্মাৰক পত্ৰৰ জৰিয়তে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকলে তাৎক্ষণিকভাৱে উক্ত পথটি মেৰামতি নকৰিলে অন্যথা আঞ্চলিক ছাত্ৰ সন্থাই ছাত্র-ছাত্ৰী আৰু ৰাইজৰ স্বাৰ্থত যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে ৷
আৰু পঢ়ক: অৰুণাচলত অস্ত্ৰ সহ দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/yaBMfUj
via IFTTT
Comments
Post a Comment