বকো আৰক্ষীৰ গাঞ্জাৰ বিৰূদ্ধে অভিযান, গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ,ছমৰীয়া:-কামৰূপৰ বকো আৰক্ষীৰ বৃহৎ সাফল্য।বকোৰ লাংকোনাত দেওবাৰে নিশা বৃহৎ পৰিমানৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ বকো আৰক্ষীৰ।দিলুৰ দেৱ বসুমতাৰী নামৰ যুৱক এজনৰ পৰা জব্দ ৫ কেজি গাঞ্জা।
পৰৱৰ্তী সময়ত দিলুৰ দেৱ বসুমতাৰীৰ তথ্যৰ ভিত্তিত একেদিনাই লাংকোনাৰ পূৰ্ণ দাসৰ গৃহত পুনৰ জব্দ ৩ কেজি গাঞ্জা।দিলুৰ দেৱ বসুমতাৰীয়ে গাঞ্জা খিনি সৰবৰাহ কৰিবলৈ লওতে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে।বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।
বকো আৰক্ষীয়ে মুঠ ৮ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।প্ৰাপ্ত তথ্য মতে গাঞ্জা ব্যৱসায়ী পূৰ্ন দাস বৰ্তমান পলাতক অৱস্থাত আছে আৰু অতি কম সময়ৰ ভিতৰত তেওঁক ও গ্ৰেপ্তাৰ কৰিব বুলি জানিব পৰা গৈছে।ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দিলুৰ দেৱ বসুমতাৰীক এক গোচৰ পঞ্জীয়ন কৰি সোমবাৰে পুৱাই জেল-হাজোতলৈ প্ৰেৰণ কৰিব বুলি বকো আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰু পঢ়ক: কোন দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? আজি অনুষ্ঠিত হ’ব নিৰ্বাচন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lDgJPTE
via IFTTT
Comments
Post a Comment