কাৰ্যলয়ৰ ভিতৰত মদ্যপান কৰি চাকৰিৰ পৰা নিলম্বন IS কাৰ্যলয়ৰ ষ্টেনগ্ৰাফাৰ…

ডিজিটেল সংবাদ শিলচৰঃ নিউজ শিলচৰ-দিন দুপৰতে চৰকাৰী কাৰ্যলয়ৰ ভিতৰত মদ্যপান কৰি চাকৰিৰ পৰা নিলম্বিত হ’ল এজন কৰ্মচাৰী৷ এই ঘটনা সংঘটিত হৈছে শিলচৰত ৷ কাছাৰৰ স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্যলয়ৰ ষ্টেনোগ্ৰাফাৰ বিপ্ৰ ৰাজ পালে দিন দুপৰতে কাৰ্যলয়ৰ ভিতৰত মদ্যপান কৰাৰ অভিযোগত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷
উপায়ুক্তৰ নিৰ্দেশত বিদ্যালয়সমূহৰ পৰিদৰ্শক ছেমিনা ইয়াছমিন আৰা ৰহমানে নিলম্বন কৰে কৰ্মচাৰী জনক৷
কাৰ্যলয়ৰ ভিতৰত দিনতে শীতল পানীয়ৰ সৈতে মদ মিহলি কৰি সেৱন কৰি থকা সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰিছিল ABVP ৰ কেইজন মান কৰ্মকৰ্তাই৷
মদ্যপান কৰা ঘটনা হাতে লোটে ধৰা পেলোৱাৰ পিচত ABVP ৰ ছাত্ৰ কেইজনে ভিডিঅ’টো উপায়ুক্ত কীৰ্তি জল্লীক দেখুৱাই সমগ্ৰ ঘটনাটো অৱগত কৰোৱাইছিল৷ ইয়াৰ পিচতে কৰ্মচাৰী জনৰ বিৰুদ্ধে বিহীত ব্যৱস্হা লবলৈ আই এছক নিৰ্দেশ দিয়ে উপায়ুক্ত কীৰ্তি জল্লীয়ে৷ ঘটনাটো যোৱা ৭ জুলাইৰ ৷ ৮ জুলাইত কৰ্মচাৰী জনক নিলম্বন কৰা হয়৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/4z2oU0g
via IFTTT
Comments
Post a Comment