শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ জীৱনক লৈ হেতালি এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি প্ৰাঃ লিঃ…

ডিজিটেল সংবাদ, দুমুনিচকী :- অসমত কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰী বহিঃৰাষ্ট্ৰ চৌদি আৰৱ, কাটাৰ, দুবাই, কুৱেট, ওমান আদিকে ধৰি আন কেইবাখনো ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ প্ৰস্তুতি চলোৱা বুলি সংবাদ মেল অনুষ্ঠিত কৰি কৈ ফুৰা এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি নামৰ এটা উদ্যোগিক প্ৰতিষ্ঠানে আজিলৈকে উল্লেখিত দেশ সমুহলৈ অসমৰ কৃষিজাত এমুঠি সামগ্ৰীও ৰপ্তানি কৰিবলৈ সক্ষম হোৱা নাই।

কেৱল এয়াই নহয় বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পুৰ্বৰ পৰা এ বি এম উদ্যোগিক প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা এজনো কৰ্মচাৰীক আজিলৈকে দৰমহা দিবলৈ সক্ষম হোৱা নাই প্ৰতিষ্ঠানটোৰ মুল হোতা তথা স্বয়ম্ভু চি এম ডি মেহদি আলমে। উল্লেখ্য যে যোৱা মাৰ্চ মাহত কামৰূপ জিলাৰ বাইহাটা‌ চাৰিআলিৰ ৰঙিয়া পথত ভাৰালৈ লোৱা এটা কাৰ্যালয়ত এ বি এম কৰ্তৃপক্ষই সংবাদ মেল অনুষ্ঠিত কৰি প্ৰথম পৰ্যায়ত ৩৮ বিধ কৃষিজাত সামগ্ৰী উল্লেখিত দেশ সমুহলৈ ৰপ্তানি কৰা হব বুলি প্ৰকাশ কৰি ইয়াৰ ভিতৰত বিশেষকৈ জহাচাউল, বাচমতি চাউল, অৰগেনিক চাহ ৰপ্তানিৰ ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰে।

কিন্তু আজিলৈ এমুঠিও কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম নোহোৱা প্ৰতিষ্ঠানটোৰ গুৱাহাটী ধিৰেণ পাৰা নিবাসী চেয়াৰমেন আব্দুচ্ছাত্তাৰৰ পৰা জানিব বিচৰাত বৰ্তমান সময়লৈকে তিনিবাৰ উক্ত কৃষিজাত সামগ্ৰী ৰপ্তানিৰ বাবে প্ৰস্তুতি চলোৱা হয় যদিও প্ৰতিকুল বতৰৰ বাবে সেয়া সম্ভৱ হোৱা নাই বুলি এক দায় সাৰা মন্তব্য দিয়ে।

আনহাতে উক্ত সামগ্ৰী কি আৰু কিমান পৰিমাণৰ, লগতে সামগ্ৰী সমূহ ক’ত ৰখা হৈছে সেই বিষয়ে অবগত কৰাৰ পৰা ৰহস্যজনক ভাবে বিৰত থাকি প্ৰেৰণ কৰাৰ সময়ত নিজে অবগত হ’ম বুলি বিষয়া গৰাকীয়ে এক আশ্চৰ্য্যকৰ মন্তব্য কৰে। উল্লেখ্য যে এ বি এম ইণ্ডাষ্ট্ৰি কৰ্তৃপক্ষই কামৰূপ জিলাৰ গৌৰিপুৰস্থিত ৰহধলাত মুখ্য কাৰ্যালয়ৰ বাবে এটা তিনি মহলীয়া বিল্ডিং ভাৰালৈ লয়। ভাৰত চৰকাৰৰ ঔদ্যোগিক আৰু বাণিজ্যিক মন্ত্ৰণালয়ৰ বৈদেশীক বাণিজ্যিক সঞ্চালকালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বুলি উল্লেখ কৰাৰ লগতে বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড হাৰ্ডিং, বেনাৰ আদি আঁৰি দিয়ে।

যাতে সৰ্বসাধাৰণ লোকে এ বি এম ইণ্ডাষ্ট্ৰিৰ সৈতে ভাৰত চৰকাৰৰ বানিজ্যিক বিভাগ জড়িত থকা বুলি স্বাভাবিকতে ধাৰণা কৰি লয়। আনহাতে এ বি এম উদ্যোগিক প্ৰতিষ্ঠানৰ বিভিন্ন শিতানত কৰ্মচাৰী নিযুক্তি দিয়াৰ বাবে ইণ্ডাষ্ট্ৰি কৰ্তৃপক্ষই ইতিপূৰ্বে বিগত ইং ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা সহস্ৰাধিক পুৰুষ মহিলাৰ পৰা আবেদন গ্ৰহণ কৰি অধিকাংশ কৰ্মচাৰী নিযুক্তি প্ৰদান কৰাৰ লগতে যোগদান কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

উল্লেখ যোগ্য যে এ বি এম উদ্যোগিক প্ৰতিষ্ঠানৰ চি এম ডি মেহদি আলমে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক দৰমহাৰ নামত প্ৰতি মাহত ৩০ ৰ পৰা ৪০ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আন আন কোম্পানীত কৰ্মৰত একাংশ কৰ্মচাৰীক এ বি এম ইণ্ডাষ্ট্ৰিত যোগদান কৰায় বুলি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীয়ে অবগত কৰে। আনকি এ বি এম ইণ্ডাষ্ট্ৰিৰ প্ৰতি কৰ্মচাৰী সকলক বিশ্বাস দিয়াবলৈ ইণ্ডাষ্ট্ৰিৰ স্বয়ম্ভু চি এম ডি মেহদি আলমে দৰং জিলাৰ গৰুখুটিত আৰম্ভ কৰা কৃষি প্ৰকল্পলৈ অসম চৰকাৰে অনা গীৰ গাই সমুহ এ বি এম ইণ্ডাষ্ট্ৰিয়ে যোগান ধৰা বুলি কৈ বিভিন্ন সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে।

যিটো বিষয়ক লৈ চকু কপালত উঠিছে সচেতন সমাজৰ। এইবোৰ সকলো দেখি শুনিও মৌন হৈ থকা কৰ্মচাৰীসকলে যথাসময়ত দৰমহা লাভ নকৰাত উক্ত বিষয় সম্পৰ্কে স্বয়ম্ভু চি এম ডি মেহদি আলমৰ পৰা জানিব বিচাৰে যদিও বহিঃৰাষ্ট্ৰলৈ কৃষি সামগ্ৰী ৰপ্তানি কৰিব নোৱাৰাৰ বাবেই দৰমহা দিব পৰা নাই বুলি স্পষ্টকৈ উল্লেখ কৰে। মাহৰ পিছত মাহ ধৰি কোম্পানীত কাম কৰি ঈদৰ প্ৰাকক্ষণত দৰমহাৰ পৰা বঞ্চিত হ’ব লগীয়া হোৱাত এ বি এম নামৰ ইণ্ডাষ্ট্ৰিৰ লগতে প্ৰতিষ্ঠানৰ নপতা ফুকন হৈ পৰা মেহদি আলমৰ স্বৰূপ নগ্ন ভাবে উন্মোচিত হয়।

বাইহাটা চাৰিআলি অঞ্চলত সম্প্ৰতি চৰ্চাৰ তুংগত থকা এ বি এম উদ্যোগিক প্ৰতিষ্ঠান সন্দৰ্ভত স্থানীয় সচেতন লোকৰ উপৰি এ বি এম ইণ্ডাষ্ট্ৰি কৰ্তৃপক্ষৰ প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ কৰ্মচাৰীয়ে জানোৱা অনুসৰি বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বেজেৰা উন্নয়ন খণ্ডত সহকাৰী অভিযন্তা হিচাবে কাম কৰি নিজ কৃতকৰ্মৰ বাবে নিলম্বিত হ’ব লগীয়া হয় বৰ্তমানৰ এ বি এম ইণ্ডাষ্ট্ৰীৰ স্বয়ম্ভু চি এম ডি মেহদি আলমে।

ফলত চৰকাৰী কাৰ্যালয়ৰ পৰা নিলম্বিত হ’ব লগীয়া হোৱা লোকক কোনে ইণ্ডাষ্ট্ৰিৰ নেতৃস্থানীয় পদৰ দায়িত্ব অৰ্পণ কৰিলে বুলি সম্প্ৰতি স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে। নিজ কৃত কৰ্মৰ বাবে নিলম্বিত হোৱা স্বয়ম্ভু চি এম ডিৰ নেতৃত্বত এ বি এম ইণ্ডাষ্ট্ৰিৰ ভবিষ্যত কোন দিশে গতি কৰে সেয়াহে লক্ষণীয় হ’ব বুলি মত পোষণ কৰিছে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীয়ে। ইয়াৰ উপৰি উল্লেখিত কোম্পানীটোৰ সকলো দিশ তদন্ত কৰি বঞ্চিত কৰ্মচাৰীক দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা বাবে কামৰূপ জিলাৰ উপায়ুক্তক দাবী জনায়ছে সচেতন সমাজে। 

আৰু পঢ়ক: কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে আপ্পুন পেগু, অধ্যাশ্ৰী উপাধ্যায়ক ধেমাজি উপায়ুক্তৰ সম্বৰ্ধনা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ayFbqYR
via IFTTT

Comments