কি চলিছে নগাঁৱত ? পঞ্চাচ হাজাৰ দিয়ক যি বিচাৰে সেয়াই লাইচেঞ্চ লৈ যাওঁক…

ডিজিটেল সংবাদ,নগাঁও : সৰ্বত্ৰে এক লাভজনক ব্যৱসায় ঔষধ ৷ বজাৰত সকলো বস্তুৰে দৰ দাম হয় ৷ কিন্তু দৰ দাম নহয় ঔষধৰ ৷ জন চক্ষুৰ আৰত ঔষধৰো আছে এখন ক’লা বজাৰ ৷ ভয়ংকৰ ভাবে লাভজনক ব্যৱসায় ঔষধৰ প্ৰতি কিছুবছৰৰ পৰা আগ্ৰহ বৃদ্ধি পাইছে কিছু সুবিধাবাদী লোকৰ ৷

আপোনি যদি ঔষধৰ ব্যৱসায় কৰিব বিচাৰিছে তেনেহ’লে নগাঁৱলৈ আহক ৷ নগাঁও চহৰৰ চীনাপট্টিত ভাড়াঘৰত থকা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়লৈ আহক ৷ পঞ্চাচ হাজাৰ টকা দিয়ক আৰু এখন ঔষধ বিক্ৰীৰ ব্যৱসায়ৰ প্ৰমান পত্ৰ লৈ যাওঁক ৷

ঔষধৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ ইমান সুলভ নেকি ? নহয় ৷ ২০১৮ চনৰ পৰা অনুজ্ঞাপত্ৰৰ অনীতি ৰোধ কৰিবলৈ অনলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছিল ৷ নিদিষ্ট পৰ্টেলত অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগে ৷

গুৱাহাটীৰ হেঙেৰাবাৰীত থকা ড্ৰাগ নিয়ন্ত্ৰন বিভাগৰ কাৰ্যালয়ে আবেদনৰ পিছত যাবতীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰে ৷ হেঙেৰাবাৰীৰ পৰা অনলাইন যোগে কৰা আবেদনৰ পিছত অনুজ্ঞাপত্ৰ দিয়া হয় যদি নগাঁৱৰ কাৰ্যালয়ৰ কাম কি ? অনলাইনত আবেদন কৰাৰ পিছত ক্ষেত্ৰ ভিত্তিক এক প্ৰতিবেদন দিব লাগে নগাঁৱৰ ঔষধ পৰিদৰ্শকে ৷ এই প্ৰতিবেদন সঠিক ভাৱে পাবলৈ এই কাৰ্যালয়টোক দিব লাগে সৰ্বোচ্চ পঞ্চাচ হাজাৰ টকাৰ উপঢৌকন ৷

অনুজ্ঞাপত্ৰৰ বাবে পঞ্চাচ হাজাৰ টকা চৰকাৰী মাছুল নহয় ৷ এই ধন যদি আদায় দিয়া হয় তেনেহ’লে আপোনাক কি অনুজ্ঞাপত্ৰ লাগিব – পাইকাৰী নে ৰিটেল ? বিছৰাৰ দৰে পাই যাব ৷

নগাঁও ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনত আছে চাৰিখনকৈ জিলা ৷ নগাঁও , মৰিগাঁও, হোজাই আৰু কাৰ্বিআংলং জিলা ৷ নগাঁও জিলাত পাইকাৰী ঔষধ বিক্ৰি প্ৰতিস্থান আছে প্ৰায় ৬৫৭ খন ৷ ৰিটেলাৰ আছে ৭১৫ খন আৰু আৰ পি আছে ৭৯১ খন ৷

মৰিগাঁও জিলাত পাইকাৰী প্ৰতিস্থান আছে ১৫৬ খন ৷ ৰিটেলাৰ আছে ২৯০ খন ৷ আৰ পি আছে ২৯৫ খন ৷ কাৰ্বিআংলং জিলাত পাইকাৰী আছে ৮৮ খন ৷ ৰিটেলাৰ আছে ১১৮ খন আৰু আৰ পি আছে ২০৮ খন ৷ হোজাই জিলাত ৰিটেলাৰ আছে ১৩৯ খন আৰু পাইকাৰী আছে ১৮০ খন ৷

আৰ পি অনুজ্ঞাপত্ৰ সাধাৰনতে গ্ৰাম্যাঞ্চল সমূহত প্ৰদান কৰা হয় ৷ সাধাৰন ভাবে ব্যৱহাৰ হোৱা ঔষধ আৰ পি অৰ্থাৎ সংৰক্ষিত ফাৰ্মাচীত বিক্ৰিৰ বাবে ৰাখিব পাৰে ৷ ইয়াৰ ভিতৰত আছে ডায়জিন, এন্টাচিট,লিভাৰ , ভিটামিন আদিৰ দৰে ঔষধ এনে বিক্ৰী প্ৰতিষ্ঠান ৰখাৰহে অনুমতি আছে ৷

এই প্ৰতিবেদনত উল্লেখ কৰা পাইকাৰী , খুচুৰা, সংৰক্ষিত ফাৰ্মাচীৰ সংখ্যা চলিত মাহৰ নহয় ৷ মে ’ মাহলৈকেহে বিভাগীয়া ভাবে ৰখা পৰিসংখ্যাহে ৷ শেহতীয়া দুমাহত ঔষধৰ ব্যৱসায় কৰিবলৈ অনুমতি দিয়া অনুজ্ঞাপত্ৰৰ তথ্য নগাঁৱৰ কাৰ্যালয়টোয়ে বিভাগীয় ফাইলত সাজু কৰা নাই ৷

জানিব পৰা মতে অফলাইন আবেদন ব্যৱস্হা বন্ধ কৰি অনলাইন আবেদনৰ ব্যৱস্হা কৰাৰ পিছত নগাঁৱৰ ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ অধীনৰ চাৰিজিলাত ব্যাপক ভাবে বৃদ্ধি পাইছে ঔষধ বিক্ৰি প্ৰতিস্থানৰ সংখ্যা ৷ নিয়ম মতে দহখন খুচুৰা ঔষধ বিক্ৰী প্ৰতিষ্ঠান বিপৰিতে এখন পাইকাৰী ঔষধ বিক্ৰী প্ৰতিষ্ঠান খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিব লাগে যদিও এই ব্যৱস্থা নগাঁও , হোজাই , মৰিগাঁও আৰু কাৰ্বিআংলং জিলাত কৰা হোৱা নাই ৷

চাঞ্চল্যকৰ বিষয় এই যে খুচুৰা ৭১৫ খন ঔষধ বিক্ৰি প্ৰতিষ্ঠানৰ বিপৰীতে নগাঁৱত পাইকাৰী প্ৰতিষ্ঠানত আছে ৬৫৭ খন ৷ মৰিগাঁও জিলাত ২৯০ খন খুচুৰা প্ৰতিষ্ঠানৰ বিপৰিতে পাইকাৰী প্ৰতিষ্ঠান আছে ১৫৬ খন ৷ কাৰ্বিআংলং জিলাত ১১৮ খন খুচুৰা প্ৰতিষ্ঠান বিপৰিতে আছে ৮৮ খন পাইকাৰী ঔষধ বিক্ৰী প্ৰতিষ্ঠান ৷

২০১৮ চনত ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান খুলিবৰ বাবে অনলাইন ব্যৱস্থা কৰাৰ পূৰ্বে নগাঁও , হোজাই , মৰিগাঁও আৰু কাৰ্বিআংলং জিলাত যিমান সংখ্যক ঔষধ বিক্ৰী প্ৰতিষ্ঠান আছিল তাৰ বিপৰিতে ২০১৮ চনৰ পিছত ৰহস্যজনক ভাবে প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পায় ৷ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ অবিহনে বিভাগটোত কৰ্তব্যৰত বিষয়াই উপঢ়ৌকনৰ বিনিময়ত প্ৰতিবেদন দিয়াৰ বাবে ঔষধ বিক্ৰিৰ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে ৷ যাৰ কু প্ৰভাৱ পৰিছে সমাজত ৷


আৰু পঢ়ক:



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7C6po4I
via IFTTT

Comments