বটদ্ৰৱাৰ ৰামপুৰ সত্ৰত আবিৰ্ভাৱ মুন্নাভাই এম বি বি এছৰ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ ৰামপুৰ সত্ৰত আবিৰ্ভাৱ মুন্নাভাই এম বি বি এছৰ। ভুৱা চিকিৎসকে চিকিৎসা কৰিবলৈ আহি অনৈতিক কার্য সংঘটিত কৰি থকা সময়ত হাতে লুটে ধৰি ৰাইজে উত্তম মাধ্যম সোধাই। বাটমাৰীৰ ছাফিকুল ইছলাম ওৰফে বাবুল ডাক্টৰ নামৰ ভুৱা চিকিৎসকক উত্তম মধ্যম দি বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে। কিন্তু ৰহস্যজনক ভাবে বটদ্ৰৱা আৰক্ষীয়ে মুন্নাভাই ৰূপী ভুৱা চিকিৎসকক নিশাই মুকলি কৰি দিয়ে। ভুৱা চিকিৎসকক বটদ্ৰৱা আৰক্ষীয়ে মুকলি কৰি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SBrxqUZ
via IFTTT
Comments
Post a Comment