দুজন কৰ্মীয়ে চলাইছে নামৰূপ থাৰমেল এছ বি আই শাখাঃ গ্ৰাহকৰ দুৰ্ভোগ…

ডিজিটেল সংবাদ নামৰূপঃ দেশৰ শীৰ্ষ স্থানত থকা ৰাষ্ট্ৰীয়কৃত বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই গ্ৰাহকৰ লেনদেনৰ সুবিধাৰ বাবে পাৰ্যমানে সুবিধা প্ৰদান কৰিছে যদিও সকলো সুবিধা সকলো শ্ৰেণীৰ গ্ৰাহকে গ্ৰহন কৰিব পৰাকৈ প্ৰশিক্ষিত কৰি তোলাৰ চেষ্টা কৰা নাই। বৰ্তমান প্ৰতিষ্ঠান সমূহৰ সকলো ব্যৱস্থা ডিজিটেলাইজেশ্বন হোৱাৰ ফলত বৰ্তমান মানৱ শক্তিৰ প্ৰয়োজন কম হৈ আহিল লগতে বহুকাম ঘৰৰ পৰাই কৰিব পৰা হল।
বেংক সমূহতো একেই ব্যৱস্থা। উল্লেখযোগ্য যে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ চাৰিসীমাৰ ভিতৰত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাটোত প্ৰবন্ধক জনৰ লগতে এজন বিষয়াই কামকাজ চলাবলগীয়া হোৱাত দুৰ্ভোগ ভুগিছে হেজাৰ হেজাৰ গ্ৰাহকে। উক্ত শাখাটোত বিশেষকৈ তাপ বিদ্যুৎ প্রকল্প ,অসম পেট্ৰকেমিকেলচৰ একাংশ কৰ্মচাৰীৰ লগতে কাষৰীয়া গ্ৰাম্যাঞ্চলৰ লোক বেংকটোৰ নিয়মীয়া গ্ৰাহক।
উল্লেখৰ প্ৰয়োজন যে বেংকত গ্ৰাহকৰ সমাগম হ্ৰাস কৰিবলৈ লেনদেন আদি বিভিন্ন কাম মোবাইল এপ যোগে সমাধান কৰিবলৈ বেংক কৰ্তৃপক্ষই নিৰ্দেশ দিয়ে। কিন্তু সেই অনুপাতে সকলো গ্ৰাহকে ডিজিটেলাইজেশ্বনৰ সুবিধা সমূহ ল’ব পৰাকৈ বেংকৰ ফালৰ পৰা কোনো প্ৰশিক্ষণৰ ব্যৱস্থা নকৰে।
যাৰ ফলশ্ৰুতিত সৰ্ব সাধাৰণ গ্ৰাহক সকলে বেংক কৰ্তৃপক্ষৰ ওপৰতে ভৰসা কৰি বেংকত ভিৰ কৰেহি। নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত থকা শাখাটোতো সাধাৰণ গ্ৰাহকে অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে বেংক লৈ যায় যদিও বেংকত কৰ্মচাৰীৰ অভাৱত দুৰ্ভোগ ভুগিব লগীয়া হৈছে।
একে জন বিষয়াই কেচ কাউণ্টাৰ চম্ভালিব লগাৰ লগতে গ্ৰাহকৰ অন্যান্য সেৱা প্ৰদানত অধিক অসুবিধা হোৱা পৰিলক্ষিত হৈছে। ষ্টেট বেংকৰ অত্যন্ত গুৰুত্বপূৰ্ণ শাখাটো হেজাৰ হেজাৰ গ্ৰাহকৰ বিপৰীতে দুজন বিষয়াৰ হাতত এৰি দি সাধাৰণ গ্ৰহকক দুৰ্ভোগ ভুগিবলৈ দিয়াটো গ্ৰহণযোগ্য নহয় বুলি গ্ৰাহক সকলে অভিযোগ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KfCA0JN
via IFTTT
Comments
Post a Comment