আফ্ৰিকান ছ’ৱাই ফিভাৰঃ এটা অঞ্চলতে ২০০ তকৈ অধিক গাহৰিৰ মৃত্যু, অৱশিষ্ট গাহৰি কেইটাও নিধনৰ পৰামৰ্শ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো আফ্রিকান ছ’ৱাইন ফিভাৰে লৈছে সংহাৰি ৰূপ। জিলাখনৰ দিহিং কলঘৰ আৰু জালুকনিবিলত ছ’ৱাইন ফিভাৰৰ প্রাদুৰ্ভাৱে শেষ কৰিলে গাহৰি পালকৰ সৰ্বস্ব। দুয়োটা অঞ্চলতে ২০০ তকৈও অধিক গাৰহি ছ’ৱাই ফিভাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। এই কথা জনাইছে জিলা পশুপালন বিভাগে। বিভাগৰ ফালৰ পৰা দিহিং কলঘৰ আৰু জালুকনিবিল অঞ্চল দুটাত আফ্ৰিকান ছ’ৱাইন ফিভাৰত আক্ৰান্ত হৈ থকা সকলো গাহৰি নিধন কৰাৰ পৰামৰ্শ আগবঢ়াইছে পশুপাললন বিভাগে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YD2lVE9
via IFTTT
Comments
Post a Comment