ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য, মানকাচৰৰ মুছলিম বিবাহৰ ৪৪.৫ শতাংশই বাল্য বিবাহ

ডিজিটেল সংবাদ, মানকাচৰ: বাল্য বিবাহক লৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য । ২০১৯-২০ বৰ্ষত ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ এক প্ৰতিবেদন মতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ বাল্য বিবাহ বুলি প্ৰকাশ পাইছে। এই ঘটনাক লৈ জিলা খনত যোৱা ১৯ জুলাই তাৰিখে জিলা প্ৰশাসনৰ উদ্ধোগত মুঠ ২৬ টা বিভাগৰ মুৰব্বী সকলক লৈ এখন জৰুৰী সভা অনুষ্ঠিত হয়।

এই সভাখনৰ জৰিয়তে জিলা প্ৰশাসনে বাল্য বিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জিলা খনত এতিয়াৰ পৰা চৰকাৰী কাজীৰ বাহিৰে কোনো ব্যক্তিগত কাজী, ইমাম বা কাজীৰ এজেন্ট সকলে মুছলিম বিবাহ কৰাব নোৱাৰিব। জিলা খনত তিনি গৰাকী চৰকাৰী কাজী আছিল যদিও বাল্য বিবাহৰ লগত জড়িত দুজন চৰকাৰী কাজীক ইতিমধ্যে জিলা প্ৰশাসনে নিলম্বন কৰিছে।

বৰ্তমানে জিলা খনত মাত্ৰ এজন চৰকাৰী কাজী আছে। মৌলানা আবুল কালাম কাচিমী নামৰ কাজী জনে জিলা খনৰ ৩৫ খন গাঁও পঞ্চায়ত এলেকাত বিবাহ কৰোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে। জিলা খনত এদিনত অধিক বিবাহ কৰোৱাটো এজন কাজীৰ বাবে সম্ভৱ নহয়।

সেই বাবে জিলা প্ৰশাসনে যাতে এই চৰকাৰী কাজীৰ তলতীয়াকৈ আৰু অধিক কাজীৰ উপ কাৰ্য্যালয় স্থাপন কৰে তাৰ বাবে স্থানীয় সচেতন ৰাইজে দাবী উত্থাপন কৰিছে। বাল্য বিবাহ বন্ধৰ বাবে জিলা প্ৰশাসনৰ সিদ্ধান্তক জিলা খনৰ সচেতন মহলে আদৰণি জনাই জিলা খনত কমেও পাঁচটা জিলা পৰিষদ এলেকাত উপ কাৰ্যালয় স্থাপনৰ দাবী জনাইছে।

আনহাতে জিলা খনৰ কোনো গাঁও বা অঞ্চলত যদি কোনো ব্যক্তিয়ে গোপনে বাল্য বিবাহ কৰায় তেন্তে সেই গাঁৱৰ গাওঁপ্ৰধান বা সচেতন ব্যক্তিয়ে যাতে চৰকাৰী কাজী মৌলানা আবুল কালাম কাচিমীক অৱগত কৰে তাৰ বাবে জিলাবাসীক তেওঁ নিজে আহ্বান জনাইছে।

মন কৰিবলগীয়া যে মৌলানা আবুল কালাম কাচিমী দীৰ্ঘ দিনৰ পৰা জিলা খনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে কেবাটাও সজাগতামূলক কাৰ্যসূচী হাতত লৈছে। এনেকি মুছলিম সম্প্ৰদায়ত যাতে বাল্য বিবাহ নহয় তাৰ বাবে তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ উপৰিও যি সকল ব্যক্তিগত কাজী বা ইমামে বাল্য বিবাহ কৰায় তেওঁলোকক আৰক্ষীৰ দ্বাৰা আইনগত ব্যৱস্থা গ্ৰহণ কৰি সচেতন মহলত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/hb3imWL
via IFTTT

Comments