বনকৰা কিশোৰীক নিৰ্যাতন চলাই গোলাঘাট আৰক্ষীৰ জালত এহাল দম্পত্তি….

ডিজিটেল সংবাদঃ বনকৰা কিশোৰীক নিৰ্যাতন চলাই গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মৰাণহাটৰ এহাল দম্পত্তি ৷ দীৰ্ঘ দিন ধৰি এগৰাকী কিশোৰীক নিৰ্যাতন চলাইছিল মৰানহাটৰ শান্তিপুৰৰ দম্পত্তি নিৰূপম দাস আৰু পিংকী শইকীয়াই । অৱশেষত মালিকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ২৮ জুলাইত মৰাণহাট আৰক্ষী থানাত ভুক্তভোগী কিশোৰীগৰাকীয়ে গোচৰ দাখিল কৰিছিল ৷ প্ৰায় এবছৰ ধৰি বনকৰা ছোৱালী হিচাপে আছিল জোনালী মূড়া নামৰ কিশোৰীগৰাকী।

কিশোৰীগৰাকীৰ গাত গৰম পানী ঢালি দিয়া আৰু সামান্য কথাতে নিৰ্মম অত্যাচাৰ চলাই অহাৰ অভিযোগ উঠিছে দম্পত্তি হালৰ বিৰুদ্ধে । প্ৰাপ্ত তথ্য অনুসৰি নিৰূপম দাস সোনাৰী টী ব’ৰ্ডৰ বিষয়া আৰু পত্নী পিংকী শইকীয়া এগৰাকী চৰকাৰী কৰ্মচাৰী।

মৰাণহাটত দিয়াৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে শুকুৰবাৰে নিশা গোপন সুত্ৰৰ পম খেদি গোলাঘাটৰ  চন্দন নগৰত আত্মগোপন কৰি থকা অৱস্থাত  গ্ৰেপ্তাৰ কৰে দুয়োকে। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি মৰাণহাট আৰক্ষীক চমজায় দিয়ে দম্পত্তি হালক। ঘটনা সন্দৰ্ভত অভিযুক্ত পিংকী শইকীয়াই সকলো অভিযোগ নসাৎ কৰাৰ লগতে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰৰ আখ্যা দিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/MN4A0J2
via IFTTT

Comments