আন এক অভিলেখৰ গৰাকী হ’ল নীৰজ চোপ্ৰাঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জয় কৰিলে ৰূপৰ পদক…

ডিজিটেল ডেস্কঃ অলিম্পিক স্বৰ্ণজয়ী ভাৰতীয় জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাই ৰচনা কৰিলে আন এক ইতিহাস। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজে লাভ কৰিলে ৰূপৰ পদক। ইয়াৰ লগে লগে বিশ্ব প্ৰতিযোগিতাখনত পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ জেভলিন থ্ৰোৱাৰ হিচাপে পৰিগণিত হৈ পৰিল নীৰজ। ৮৮.১৩ মিটাৰ থ্ৰো কৰি নীৰজে এই পদক অৰ্জন কৰিছে।
উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপখনত ইয়াৰ পূৰ্বে ভাৰতৰ একমাত্ৰ পদক আছিল ২০০৩ চনৰ পেৰিছত অঞ্জু ববি জৰ্জৰ লং জাম্পৰ ব্ৰঞ্জৰ পদকটো। বিশ্ব প্ৰতিযোগিতাখনত ফাউলৰ সৈতে আৰম্ভ কৰা নীৰজ চোপ্ৰাই দ্বিতীয় প্ৰচেষ্টাত ৮২.৩৯ মিটাৰ থ্ৰো কৰে। ইয়াৰ পিছত তৃতীয় প্ৰচেষ্টাত ৮৬.৩৭ আৰু চতুৰ্থ প্ৰচেষ্টাত ৮৮.১৩ মিটাৰ থ্ৰো কৰে আৰু ৰূপৰ পদক নিশ্চিত কৰে।
প্ৰতিযোগিতাখনত গ্ৰানাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৯০.৪৬ মিটাৰ থ্ৰোৰে স্বৰ্ণ পদক লাভ কৰিছে। আনহাতে চেক গণৰাজ্যৰ জেকব ৱালদেশে ব্ৰঞ্জৰ পদক জয় কৰিছে। ভাৰতৰ আন এগৰাকী জেভলিন থ্ৰোৱাৰ ৰোহিত যাদৱে প্ৰতিযোগিতাখনত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৭৮.৭২ মিটাৰ থ্ৰোৰে দশম স্থান অৰ্জন কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CjHLp1i
via IFTTT
Comments
Post a Comment