মণিপুৰত পুনৰ উদ্ধাৰ মৰিগাঁৱৰ এজনৰ মৃতদেহঃ পৰিয়ালে পূৰ্বেই পাতিলে আদ্যশ্ৰাদ্ধ…

ডিজিটেল ডেস্কঃ মণিপুৰ ভূমিস্খলনত সন্ধানহীন হৈ থকা আন এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰহোৱা মৃতদেহটো মৰিগাঁৱৰ উপেন্দ্ৰ কোঁৱৰৰ। উপেন্দ্ৰ কোঁৱৰৰ ঘৰ মৰিগাঁৱৰ ভৰালুটুপত। মণিপুৰ ন’নে জিলাত সংঘটিত হোৱা ভূমিস্খলনত সন্ধানহীন হৈ থকা উপেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ পূৰ্বেই পৰিয়ালে সম্পন্ন কৰিছিল আদ্যশ্ৰাদ্ধ। আজি মণিপুৰৰ পৰা স্বগৃহত আহি পাবহি উপেন্দ্ৰৰ মৃতদেহ। উল্লেখ্য যে বৰ্তমানলৈকে মণিপুৰত সংঘটিত হোৱা ভূমিস্খলনত নিহত হোৱা লোকৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি পালে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fChrLxz
via IFTTT
Comments
Post a Comment