বিহপুৰীয়াত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ যুৱ কংগ্ৰেছৰ…

ডিজিটেল সংবাদ বিহপুৰীয়া: ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক ইডিৰ জেৰাৰ প্ৰতিবাদত আজি সন্ধিয়া বিহপুৰীয়া নগৰত যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিহপুৰীয়া ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ প্ৰতিমুৰ্তি দাহেৰে প্ৰতিবাদ এই সাব্যস্ত কৰে বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছে ৷

প্ৰতিবাদকাৰী সকলে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ওপৰত ইডিৰ জেৰা বন্ধ কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,অমিত শ্বাহ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ পৰবৰ্তী সময়ত বিহপুৰীয়া থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰাৰ লগতে নাৰায়ণপুৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি লক্ষ্যজ্যোতি বৰুৱা আৰু বিহপুৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সভাপতি মাধৱ কলিতা আৰু বিহপুৰীয়া ব্লক এন এছ ইউ আইৰ সভাপতি নিকাশ দত্তই অংশগ্ৰহণ কৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DIGMT1l
via IFTTT

Comments