টুইটাৰৰ সৈতে সম্পৰ্ক চেদ কৰিলে এলন মাস্কে…

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ আন এক ডাঙৰ সিদ্ধান্ত। টুইটাৰৰ সৈতে হোৱা ৪৪বিলিয়ন ডলাৰৰ চুক্তি শেষ কৰাৰ ঘোষণা কৰিলে মাস্কে। যোৱা শুকুৰবাৰে এক পত্ৰ যোগে টুইটাৰক জনোৱা হয় এই কথা।

এই পত্ৰত উল্লেখ আছে যে, তেওঁলোকৰ মাজত যি চুক্তি হৈছিল সেই চুক্তি পালন কৰাত কিছু ব্যৰ্থ হোৱাৰ লগতে প্ৰয়োজনীয় কিছু নথি-পত্ৰ দিয়াৰ ক্ষেত্ৰতো বিফল হৈছে টুইটাৰ। মাস্কৰ এই অভিযোগ অমান্য কৰি টুইটাৰ কৰ্তৃপক্ষই কয়- আমি তেনে কোনো বিধি উলংঘন কৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰে যোৱা ৪এপ্ৰিলত এলন মাস্কে টুইটাৰ ৯শতাংশৰো অধিক অংশীদাৰিত্ব ক্ৰয় কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পাছতে টুইটাৰৰ একাংশ শীৰ্ষ বিষয়া আৰু মাস্ক কম্পেনীৰ মাজত কিছু সংঘাতৰ খবৰ পোহৰলৈ আহিছিল।

সেয়া যি কি নহলেও, মাস্কৰ এই সিদ্ধান্তৰ পাছতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে টুইটাৰ কৰ্তৃপক্ষই। ব্যৱসায়িক বিধিৰ লগতে চুক্তি ভংগৰ ক্ষেত্ৰত এলন মাস্কেহে বিধি বৰ্হিভূত কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে টুইটাৰ কৰ্তৃপক্ষই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lDy6C3R
via IFTTT

Comments