ক’হিমাৰ পৰা মণিপুৰৰ সেনাপতি জিলালৈ পাঁচ শতাধিক লোকৰ নগা সংহতি পদযাত্ৰা

ডিজিটেল সংবাদ, ৱাখা: গ্ল’বেল নগা ফ’ৰামৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া ‘নগা ছলিডাৰিটি ৱাক’ৰ আৰম্ভণি বৃহস্পতিবাৰে পুৱা ৬ বজাত ক’হিমাৰ লেৰী জংচনৰ পৰা আৰম্ভ হয়। ‘এজন জনগোষ্ঠী, এক ভাগ্য’ শীৰ্ষক বিষয়ৰে আয়োজন কৰা এই সংহতি পদযাত্ৰা গৈ আজি ২৯ জুলাইত মণিপুৰৰ সেনাপতি জিলাত উপস্থিত হ’ব।

প্ৰায় ৫০০ লোক সমবেত হোৱা পদযাত্ৰাত গ্ল’বেল নগা ফ’ৰামৰ উপদেষ্টা তথা বহিঃৰাজ্যৰ নগা সন্থাৰ সভাপতি ড. ভিজিয়েৰ ছান্যুৱে ৰাইজ তথা অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে।ভাষণত তেওঁ কয় যে যি সকল এই সংহতি পদযাত্ৰাত উপস্থিত আছে তেওঁলোকে আজি ইতিহাস ৰচনা কৰি আছে আৰু তেওঁলোকৰ বিষয়ে আগন্তুক প্ৰজন্মই নগা ঐক্যৰ বাবে খোজকাঢ়ি যোৱা লোক বুলি হিচাপে মনত ৰাখিব।

তেওঁ ৰাইজক সোঁৱৰাই দিয়ে যে তেওঁলোকৰ সংহতি পদযাত্ৰাৰ মুখ্য উদ্দেশ্য হৈছে এক জনগোষ্ঠী হোৱা আৰু সঠিক মনোভাৱেৰে আমাৰ জনসাধাৰণ আৰু আমাৰ ইতিহাস ৰক্ষা কৰা। নগা ছলিডাৰিটি ৱাক অৰ্থাৎ সংহতি যাত্ৰাৰ উদ্দেশ্য হৈছে নগাসকল একেলগে থকা ।

এই পদযাত্ৰাই বিভাজন আৰু সীমা – শাৰীৰিক আৰু আঞ্চলিক, মতাদৰ্শগত আৰু ৰাজনৈতিক, জনজাতীয় আৰু লিংগ – সংযোগ কৰাত সহায় কৰিব। ই হ’ব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ ৰাজ্যসমূহৰ লগতে সমগ্ৰ বিশ্বৰ নগাসকলকো এক জনগোষ্ঠী হিচাপে সম্প্ৰদায়ৰ বন্ধন শক্তিশালী কৰা নগা ভগ্নীত্ব আৰু ভাতৃত্ববোধৰ এক আনন্দময় সংস্কৃতি সৃষ্টি কৰা। নগা এই ছলিডাৰিটি ৱাকত আজি বিভিন্ন সংগঠনৰ শতাধিক লোকে অংশ গ্ৰহণ কৰে ।

আৰু পঢ়ক: জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WGMtfx
via IFTTT

Comments