মধ্য আৰু নামনি অসমৰ জনগাঁথনিয়ে জেহাদী কাৰ্যকলাপ সংঘটিত কৰাত সহায় কৰিছে !

ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে জেহাদী কাৰ্যকলাপ। বিশেষকৈ ৰাজ্যৰ মাদ্ৰাছাসমূহত জেহাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা সমূহে এই মাদ্ৰাছা সমূহৰ ওপৰত দৃষ্টি ৰাখিছে। ইয়াৰ মাজতে মধ্য তথা নামনি অসমৰ মাদ্ৰাছা সমূহত জেহাদী কাৰ্যকলাৰ সংঘটিত কৰাৰ ক্ষেত্ৰত এই অঞ্চল সমূহৰ জনগাঁথনিয়ে সহায় কৰে বুলিও আৰক্ষী সূত্ৰতে প্ৰকাস পাইছে।
ৰাজ্যত মুঠ ৯৫০ খন মাদ্ৰাছা আছে। এই মাদ্ৰাছা সমূহৰ অধিকাংশই আছে মধ্য অসমৰ নগাওঁ, হোজাই, মৰিগাওঁ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা আদিত। এই জিলা কেইখনৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহৰ লগতে আন কেইবাখনো জিলাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আছে মাদ্ৰাছাসমূহ।
ইয়াৰ ভিতৰত মধ্য অসমত সৰ্বাধিক মাদ্ৰাছা আছে হোজাই আৰু নগাওঁ জিলাত। নগাওঁ জিলাৰ বটদ্ৰৱা, জুৰীয়া ৰূপহী অঞ্চলত আছে ১৩০ খন মাদ্ৰাছা। ইয়াৰোপৰি আছে বহু কেইখন পঞ্জীয়নবিহীন মাদ্ৰাছা। এই মাদ্ৰাছা সমূহৰে একাংশত চলি আছে জেহাদীৰ কাৰ্যকলাপ। দীৰ্ঘদিনৰ পৰা চলি অহা এই জেহাদী কাৰ্যকলাপ শেহতীয়াকৈ পোহৰলৈ আহিছে। মৰিগাওঁ জিলাৰ দুখনকৈ মাদ্ৰাছাত আনছাৰুল্লাহ বাংলাদেশীৰ শ্লিপাৰ চেল সক্ৰিয় হৈ থকাৰ কথা পোহৰলৈ আহিছে। মাদ্ৰাছাৰ শিক্ষকসহ ইতিমধ্যে কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
২ দিনৰ পূৰ্বে বিভিন্ন আপত্তি জনক তথ্যৰ ভিত্তিত মৰিগাঁৱৰ পৰা আটক কৰা হৈছিল মুফটি মুস্তাফা নামৰ এজন মাদ্ৰাছাৰ শিক্ষকক। এই মুফতি মুস্তাফা আহমেদৰ মোমায়েকৰ ঘৰ তথা বটদ্ৰৱা থানৰ অন্তৰ্গত ভেৰভেৰীৰ পৰা সোধ পোছৰ বাবে আমিৰ হামজা নামৰ এজনক আজি আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। আজি আটক কৰা আমিৰ হামজা পশ্চিম ভেৰভেৰী চোবাহী মাদ্ৰাছাৰ লগত জড়িত আছিল।
ইয়াৰ পিছত পুনৰ আৰক্ষীয়ে মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ মুস্তফা মুফতীৰ ঘৰত মৰিগাঁও আৰক্ষীয়ে তালাচী চলাই মুফতীৰ পত্নী আৰু ভাতৃক সোধপোচৰ বাবে আটক কৰে। আটক হোৱা মুস্তফা মুফতীৰ ভাতৃৰ নাম জাকাৰীয়া আহমেদ। এই মুস্তফা মুফতীৰ একাউণ্টত বাংলাদেশৰ এটা জেহাদী সংগঠনৰ পৰা টকাৰ লেনদেন হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতেই জমিউল শুদা নামৰ মাদ্ৰাছা খনৰ শিক্ষক মুস্তফা মুফতীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰুচলা গাঁৱত অৱস্থিত সৰুচলা আল-জামিয়া তুচল্লীহাত টাইটেল বানাত মাদ্ৰাছাৰ পৰাও আটক কৰিছিল আন ছয় জনক।
উল্লেখযোগ্য যে মধ্যঅসমৰ সৰ্বাধিক মাদ্ৰাছা হোজাই আৰু নগাঁও জিলাত অৱস্থিত। ধিঙৰ সমীপৱৰ্তী বটদ্ৰৱা, জুৰীয়া আৰু ৰূপহী অঞ্চলত প্ৰায় ১৩০ খন মাদ্ৰাছা আছে। ইয়াৰে পঞ্জীয়নহীন বহু মাদ্ৰাছাই বৰ্তমান চিন্তিত কৰি তুলিছে আৰক্ষীক। একেদৰে হোজাই জিলাৰ মোৰাঝাৰ, যমুনামুখ, ডবকা, নীলবাগান আৰু হোজাই জিলাত থকা বহু মাদ্ৰাছাও জেহাদী কাৰ্যকলাপৰ বাবে সন্দেহৰ আবৰ্তত আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।
এই অঞ্চল সমূহৰ জনগাঁথনিয়ে জেহাদী কাৰ্যকলাপ সংঘটিত কৰি থকাত অৰহিণা যোগাই আহিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে ৪ বছৰ পূৰ্বে হোজাই জিলাৰ যমুনামুখৰ পৰা কামৰুজ জামান নামৰ হিজবুল মুজাহিদীনৰ এজন দুধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিছিল হোজাই আৰক্ষীয়ে। ইয়াৰ পিছতে হোজাই আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যুটীয়াভাৱে অভিযান চলায় ৫জন শ্লিপাৰ চেলৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vF5N3Ph
via IFTTT
Comments
Post a Comment