ৰিন্টু শৰ্মা এন্টকাউন্টাৰ আছিল ভুৱাঃ আদালতত ধেমাজি আৰক্ষীৰ মুখথেকেঁচা…

ডিজিটেল সংবাদ ধেমাজিঃ অসম কঁপোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ নৃশংস হত্যাত অভিযুক্ত ৰিন্টু শৰ্মাৰ এনকাউন্টাৰৰ গোচৰ আছিল ভুৱা। শনিবাৰে ধেমাজি আদালতে এই সন্দৰ্ভত ৰায়দান দিয়ে ৷
উল্লেখ্য যে, যোৱা ২০২১ চনৰ ২১ আগষ্টত ধেমাজি নগৰৰ মাজমজিয়াত দাৰে ঘপিয়াই নৃশংসভাৱে নন্দিতা শইকীয়াক হত্যা কৰা ৰিন্টু শৰ্মাক ৪ চেপ্টেম্বৰৰ নিশা ১০.২০ মিনিটত ধেমাজি অসামৰিক চিকিৎস্যালয়লৈ নিয়া অৱস্থাত প্ৰসাৱ কৰাৰ অজুহাতত আৰক্ষীক কিলাকূটিৰে ঠেলি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে বাধ্য হৈ গুলী কৰা বুলি এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে ৷ উক্ত এনকাউন্টাৰত ভৰিত গুলী লাগি আহত হৈছিল ৰিন্টু শৰ্মা ৷
শনিবাৰে ধেমাজি অতিৰিক্ত ন্যায়িক দণ্ডাধীশ জুমা সিংহা আদালতে আৰক্ষীয়ে ৰিন্টু শৰ্মা এনকাউন্টাৰৰ যথোপযুক্ত প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে এয়া এক পৰিৱেশ সৃষ্ট এনকাউন্টাৰহে আছিল বুলি প্ৰতীয়মান হৈ আদালতে ৰিন্টু শৰ্মাক দোষমুক্ত ৰায়দান দিয়ে ৷ উল্লেখ্য যে, এই এন্টকাউন্টাৰৰ ঘটনা লৈ তদানীন্তন আৰক্ষী উপ- পৰিদৰ্শক নেকিৱ আহমেদে আৰক্ষী ৰিপৰ্টৰ ভাৰতীয় দণ্ড বিধি ৩২৩/৩৫৩/২২৪ ধাৰা ভিত্তিত ১২৯/২০২২ নম্বৰৰ এটি গোচৰ ৰোজুৰ কৰি ১৪ মাৰ্চ পৰা বৰ্তমানৰ লৈকে গোচৰ চলাৰ পিছত আজি আদালতে ৰায়দান দিয়ে৷ অৱেশ্যে গোচৰৰ প্ৰথম শুনানি ১৬ মাৰ্চত হোৱা লগতে গোচৰৰ যুক্তিতৰ্ক চলিত মাহৰ ২৬ জুলাইত হৈছিল ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kz6GipR
via IFTTT
Comments
Post a Comment