পাৰ্থ চেটাৰ্জীৰ বান্ধৱী অৰ্পিতাৰ বাসগৃহত পুনৰ উদ্ধাৰ হৈছে টকাঃ হিচাপ কৰিব পৰাা নাই ই ডিয়ে…

ডিজিটেল ডেস্কঃ শিক্ষক নিযুক্তিৰ কেলংকাৰীত জড়িত হৈ পৰা পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ বান্ধৱী অৰ্পিতা মুখাৰ্জীৰ নতুন ঠিকনা হৈছে বেলঘড়িয়া। বুধবাৰে আবেলি বেলঘড়িয়াৰ অৰ্পিতা মুখাৰ্জীৰ আন এটা ফ্লেটৰ পৰা ইডিয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হোৱা ধনৰ পৰিমা ধনৰ পৰিমাণ বেছি যে, চাৰিজন বেংক কৰ্মচাৰীক ইডিয়ে ধনখিনি হিচাপ কৰিবলৈ মাতি নিছে।

ইয়াৰ উপৰিও ধন গণনা কৰিবলৈ ৫ টাকৈ ধন গণনা কৰা মেচিনো ধন গণিবলৈ ব্য়ৱহাৰ কৰা হৈছে। ইডিয়ে বুধবাৰে অনুসন্ধান চলাবলৈ অৰ্পিতাৰ বেলঘড়িয়া ফ্লেটৰ তলা ভাঙি প্ৰৱেশ কৰি ফ্লেটতোৰ পৰা টকাখিনি উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা টকাখিনি টলিগঞ্জৰ অৰ্পিতাৰ ঘৰৰ দৰেই ৱাৰ্ড্ৰাবেত লুকুৱাই ৰখা হৈছিল।

ইফালে টকা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। ফ্লেটতোৰ চাৰিওফালে চি আৰ পি এফে পহৰা দিছে। ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে টকা উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ পিছতে ঘৰটোৰ কাষত স্থানীয় লোকে ভিৰ কৰিছে।

উল্লেখযোগ্য যে টালিগঞ্জত আৰক্ষীয়ে ২১ কোটিতকৈ অধিক ধন উদ্ধাৰ কৰিছিল। কিন্তু এইবাৰ উদ্ধাৰ হোৱা ধনৰ পৰিমাণ আৰু অধিক হোৱাৰ আংশকা কৰা হৈছে। পূৰ্বৰ তুলনাত উদ্ধাৰ হোৱা ধনৰ পৰিমাণ অধিক। অৱশ্যে টকাখিনি গণনা কৰি সম্পূৰ্ণ হোৱাৰ পিছতহে কিমান টকা উদ্ধাৰ হৈছে সেই সন্দৰ্ভত জানিব পৰা যাব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YklAodp
via IFTTT

Comments