১১ বজাৰ পৰা ভোটগণনা, ৬১ শতাংশৰো অধিক ভোট লাভেৰে দ্ৰৌপদী মুৰ্ম জয়ৰ সম্ভাৱণা…

ডিজিটেল ডেস্ক: আজি ঘোষণা হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধী উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। দিনৰ ১১ বজাত পাৰ্লিয়ামেন্ট হাউচৰ ৬৩ নম্বৰ কোঠাত ভোটগণনা হ’ব।
এই নিৰ্বাচনত ৪৭৯৬ গৰাকী বিধায়ক, সাংসদে ভোটদান কৰিছে। ভোটদান কৰা বিধায়কৰ সংখ্যা ৪০২৫ আৰু লোকসভা, ৰাজ্যসভাৰ ৭৭১ জন সাংসদে ভোটদান কৰিছে।
এই নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী গৰাকীয়ে ২৫ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব। অনুমান কৰা হৈছে এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৮০ শতাংশৰো অধিক ভোট পাব দ্ৰৌপদী মুৰ্ময়ে। ঝাৰখণ্ড মুক্তি মৰ্চাই ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মক সমৰ্থন কৰাৰ লগতে বিজেদি, ৱাই এছ আৰ চি পি, বহুজন সমাজবাদী পাৰ্টী, টিডিপি, জনতা দল (এছ), শিৱসেনা আদিয়ে দ্ৰৌপদী মুৰ্মক ভোটদান কৰাত এন ডি এৰ প্ৰাৰ্থী গৰাকীয়ে মুঠ ভোটৰ মূল্য ১০৮৮৪৩১ ৰ ভিতৰত ৬.৬৭ লাখ ভোট পোৱাৰ সম্ভাৱণা আছে।
উল্লেখ্য যে, এই ভোটৰ ইলেক্ট্ৰৰেলট বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ ভোটৰ মূল্য ৩.০৮ লাখ। ইয়াৰোপৰি মুৰ্ময়ে বিজেডিৰ পৰা ৩২ হাজাৰ, এ আই এম ডি কেৰ পৰা ১৭২০০, ৱাই এছ আৰ চি পিৰ পৰা ৪৪ হাজাৰ , তেলেগু দেশম পাৰ্টীৰ পৰা ৬৫০০, শিৱসেনাৰ পৰা ২৫০০০, জনতা দল ছেকুলাৰ পৰা ৫৬০০ ভোট পাব বুলি অনুমান কৰা হৈছে।
আৰু পঢ়ক: ”আৰ এছ এছ কাৰ্যালয়ৰ সন্মুখত নাছিল ৰাষ্ট্ৰীয় পতাকা” মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধীয়ে…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1P67q8M
via IFTTT
Comments
Post a Comment