জনতা দল(চেকুলাৰ)য়ে সমৰ্থন কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক…

ডিজিটেল ডেস্ক: ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক সমৰ্থন কৰিব জনতা দল(চেকুলাৰ)য়ে।  জনতা দল (চেকুলাৰ)ৰ উপ নেতা বন্দেপ্পা কাশোমপুৰে কয় যে বিধায়ক দলৰ এক বৈঠকত সকলোৰে সন্মতি সাপেক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সন্দৰ্ভত দলটোৰ নেতাই কয় যে আদিবাসী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাতো অতি গৰ্বৰ কথা।দ্ৰৌপদী মুৰ্ম এগৰাকী জনগোষ্ঠীয় সম্প্ৰদায়ৰ মহিলা হোৱা বাবে আৰু তেওঁৰ পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

দলটোৰ এগৰাকী বিধায়কে কয় যে প্ৰাৰ্থীৰ ঘোষণা হোৱাৰ এদিন পাছতেই মুৰ্মে ফোন কৰি সমৰ্থন বিচাৰিছিল।ইয়াৰোপৰি বেংগালুৰু যাত্ৰাৰ সময়কো বিধায়ক কুমাৰস্বামীক সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে, ১৮ জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ভোটগণনা হ’ব ২১ জুলাইত। ইতিমধ্যে প্ৰচাৰ অব্যাহত ৰাখিছে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা।


আৰু পঢ়ক: এডিপি কলেজত সৃষ্টি হোৱা সংঘাতৰ ফলত প্ৰভাৱ পৰিছে শৈক্ষিক ক্ষেত্ৰত



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ucgR16P
via IFTTT

Comments