অসমত অৰুণাচলৰ বিলাতী সুৰা, ২ জনক জেললৈ প্ৰেৰণ …

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ চোৰাং ভাৱে বিলাতী সুৰা সৰবৰাহ কৰি  ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল  মাজুলীৰ দুজন  সুৰা বেপাৰী। ঢকুৱাখনা চক্ৰৰ আবকাৰী  পৰিদর্শক ভূপেন শইকীয়াৰ নেতৃত্বত সহকাৰী আবকাৰী পৰিদর্শক  জনাৰ্দন গোস্বামী আৰু বিভাগীয় জোৱানৰ সহযোগত  ঢকুৱাখনা মহকুমাৰ  ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বেবেজিয়া বজাৰ অঞ্চলত অভিযান চলায়।

গোপন সূত্ৰে খবৰ লাভ কৰি আবকাৰী  বিভাগে মঙলবাৰে বিয়লি ৫ বজাত অৱস্থান কৰি স্থানীয় ৰাইজৰ সহযোগত চলোৱা অভিযান কালত  কে এ ০৩ জে ডি ৩৯৮৮ নম্বৰৰ এখন ক’লা বৰণৰ পালচাৰ বাইকত অহা দুজন যুৱকৰ পৰা বহু সংখ্যক অৰুণাচলী সুৰা  জব্দ কৰিবলৈ সক্ষম হয় । 

এটা বেগত অৰুণাচলৰ পৰা গোপনে সৰবৰাহ কৰি অনা ৭৬ টা কেন বিয়েৰ উদ্ধাৰ কৰে আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে । এই সন্দৰ্ভত আবকাৰী বিভাগে মাজুলী জিলাৰ  জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰ পমুৱামুখ গাঁওৰ প্ৰশান্ত পেগু আৰু ৰাজা কুম্বাংক অসম আবকাৰী আইন ২০১৮ ৰ ধাৰা ৫৩(১)(এ) ৰ অধীনত গ্ৰেপ্তাৰ কৰি মঙলবাৰে লখিমপুৰ জিলা কাৰাগাৰলৈ নিক্ষেপ কৰিছে । লগতে বাইকখন ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত প্রদর্শন কৰি ঘিলামৰা থানাৰ কব্জাত ৰাখিছে।

আৰু পঢ়ক: এছিয়া বুক অফ ৰেকৰ্ডচ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত স্থান লাভ গুৱাহাটীৰ ৰায়াংশৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pqBnFKS
via IFTTT

Comments