পলাতক গাঞ্জা ব্যৱসায়ী পূৰ্ন দাসৰ আত্মসমৰ্পন…

ডিজিটেল সংবাদ ছমৰীয়াঃ কামৰূপৰ বকোত দেওঁবাৰে নিশা জব্দ কৰা হৈছিল গাঞ্জা। কামাখ্যা ৰে’ল আৰক্ষীয়ে জব্দ কৰিছিল গাঞ্জাখিনি। দেওবাৰে নিশা বকোৰ পূৰ্ণ দাসৰ গৃহত উদ্ধাৰ কৰা হৈছিল গাঞ্জাখিনি। অৱশ্যে পলাতক অৱস্থাত আছিল গাঞ্জা ব্যৱসায়ী পূৰ্ণ দাস।

কিছু সময় পূৰ্বে গাঞ্জা ব্যৱসায়ী পূৰ্ণ দাসে আত্মসমৰ্পণ কৰে। বকো আৰক্ষী থানাত আত্মসমৰ্পন কৰে গাঞ্জা ব্যৱসায়ী পূৰ্ন দাসে। উল্লেখ্য যে পূৰ্ণ দাস কামাখ্যা GRPৰ গৃহৰক্ষীৰ জোৱান হিচাপে কৰ্মৰত।দেওবাৰে নিশা পূৰ্ণ দাসৰ গৃহৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় ৪ কেজি গাঞ্জা।পূৰ্ণ দাসে বিক্ৰী কৰা দিলুৰ দেৱ বসুমতাৰীৰ পৰা উদ্ধাৰ হৈছিল ৫ কেজি গাঞ্জা।সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষীৰ তদন্ত অব্যাহত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7L905Ua
via IFTTT

Comments