ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মঞ্চত মঞ্চস্থ হ’ব ‘ফুলগুৰি ধেৱা’…

ডিজিটেল সংবাদ নগাঁও : ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মঞ্চত অনুষ্ঠিত হব “ ফুলগুৰি ধেৱা“ ৷ ঐতিহাসিক কৃষক আন্দোলনৰ পটভূমিত ৰচিত নাট খনি মঞ্চস্হ হ’ব ২৪ জুলাইত ৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা উৰিষ্যাৰ ভূবনেশ্বৰত নাট খনি মঞ্চস্হ কৰিবলৈ বৃহস্পতি বাৰে নগাঁৱৰ পৰা ৰাওনা হৈছে অবিনশ্বৰ গোষ্ঠী ৷

২২ সংখ্যক ভাৰত ৰঙ্গ মহোৎসৱ শীৰ্ষক অনুষ্ঠানটিত নাট প্ৰদৰ্শনৰ বাবে অবিনশ্বৰ গোষ্ঠীক নিৰ্বাচিত কৰি নিমন্ত্ৰন কৰি নিয়া হৈছে ৷ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভুবনেশ্বৰৰ কে আই আই টি প্ৰেক্ষাগৃহত ভাৰত ৰঙ্গ মহোৎসৱটি অনুষ্ঠিত হব ৷ ২৪ জুলাইৰ সন্ধ্যা ৬-৩০ বজাত অনুষ্ঠিত হ’ব লগা ফুলগুৰি ধেৱাৰ পৰিকল্পনা আৰু পৰিচালনা দীপক বৰাৰ ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0bGOM2T
via IFTTT

Comments