চোৰৰ উপদ্ৰৱ: নাৰায়ণপুৰৰ যমুনাখাতত গাঁওৰক্ষী বাহিনী গঠন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা । অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্ৰতিস্থান,এ টি এম,দুচকীয়া-চাৰি চকীয়া বাহনকে বিভিন্ন সামগ্ৰী চোৰে লুট কৰি নিছে ।

আৰক্ষী প্ৰশাসনৰ সোপা ঢিলা নীতিৰ বাবেই অঞ্চলটোত নিশাৰ সময়চোৱাতো দুৰৰে কথা দিনৰ পোহৰতে গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি কেইবাটাও পৰিয়ালত চোৰে চলাইছে চাফাই । এনে সময়তে নাৰায়ণপুৰৰ যমুনাখাতত গঠন কৰা হৈছে এটি গাঁওৰক্ষী বাহিনী ।

এই উপলক্ষে যমুনাখাত পুথিভঁৰাল প্ৰাংগনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লখিমপুৰ জিলা গাঁওৰক্ষী বাহিনীৰ উপ পৰিদৰ্শক ৰাজীৱ দত্ত,স্থানীয় বয়োজেষ্ঠ ব্যক্তি তৰুণ কাকতি,শিক্ষক পুলিন কাকতি,শোন্তি শৰ্মা,লোকেশ্বৰ বৰা,শিক্ষক শৰৎ কাকতি,ৰঞ্জন কাকতি,প্ৰদীপ নেওগ,সাংবাদিক দিপান্ত কাকতি প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি গাঁওৰক্ষী বাহিনীৰ প্ৰয়োজনীয়তা আৰু গঠন সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ।

স্থানীয় ৱাৰ্ড সদস্য প্ৰঞ্জয় বৰাই আঁতধৰা উক্ত সভাখনতে দিপান্ত কাকতিক সভাপতি,দীপক কাকতিক উপ-সভাপতি,প্ৰঞ্জয় বৰাক সম্পাদক,অসীম শইকীয়াক সহকাৰী সম্পাদক,মনি আৰন্ধৰা,মাধৱ গোস্বামী আৰু অম্লান কাকতিক নায়ক আৰু যদুমণি বৰা,অসীম কাকতি আৰু তিলক দত্তক সহ নায়ক হিচাপে লৈ ২৫ জনীয়া এখন শক্তিশালী গাঁওৰক্ষী বাহিনী গঠন কৰা হয় । ৰাজহুৱা সভাখনত অঞ্চলটোৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: আই পি এছ বিষয়া অমিতাভ ৰঞ্জনক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/loaDzpi
via IFTTT

Comments