নগাঁৱৰ ব্ৰাহ্মনগাওঁত বিলুপ্তপ্ৰায় ঈগল চৰাই উদ্ধাৰ

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বাহ্মনগাঁও চাৰিআলিৰ পৰা কিছু নিলগত আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় দুষ্পাপ্য প্ৰজাতিৰ ঈগল চৰাই। আঘাতপ্ৰাপ্ত হৈ বহুসময় ধৰি পথৰ দাঁতিতেই পৰি আছিল চৰাইটো।
অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত ৱাইল্ড এইড অসমৰ স্বেচ্ছাসেৱক তথা জামুগুৰিৰ প্ৰকৃতিপ্ৰেমী যুৱক দেৱজ্যোতি নাথ ওৰফে দাদুয়ে ঈগল চৰাইটি মঙলবাৰে উদ্ধাৰ কৰে ।প্ৰকৃতিপ্ৰেমী জনে চৰাইটো উদ্ধাৰ কৰি নগাঁৱৰ বন বিভাগক হাতত গতাই দিয়ে।
আৰু পঢ়ক: মেঘালয় সমৰ্থকৰ ভয়ত পুনৰ গাঁও এৰিছে বহুকেইটা পৰিয়ালে
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RyWaAjK
via IFTTT
Comments
Post a Comment