চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফল, বিশ্বনাথৰ লোচনাই লাভ কৰিলে ৪৯৯ নম্বৰ

ডিজিটেল সংবাদ, বিশ্বনাথ: বিশ্বনাথ চাৰিআলি স্থিত জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ ছাত্ৰী লোচনা বাচটলাই (Lochana Bastola)কালি ঘোষণা কৰা চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফত দেশৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰি বিশ্বনাথ তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে।
বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনা বাচটোলাই
জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ পৰা মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ সহ ৯৯.৮০ শতাংশ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।চলিত বৰ্ষৰ পৰা স্থানপ্ৰাপ্তৰ নাম প্ৰকাশত কিছু নতুন নিয়ম বলবৎ কৰাত লোচনাৰ স্থান ঘোষণা কৰা নাই যদিও এই নম্বৰ লাভৰ ক্ষেত্ৰত এই গৰাকী শিক্ষাৰ্থীয়ে অভিলেখ সৃষ্টি কৰিছে বুলি উচ্চাৰিত হৈছে।
শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ লোচনাই ইংৰাজী,গণিত,অসমীয়া, সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯নম্বৰ লাভ কৰি শ্বিলং মণ্ডলৰ সৰ্বোচ্চ নম্বৰ লাভ কৰে। সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ মন বুলি সাংবাদিকক জনাইছে।
নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষাগুৰুৰ জৰিয়তে এই সফলতা লাভত অত্যন্ত সুখী লোচনা। আজি বিশ্বনাথৰ মধুপুৰৰ বাসগৃহত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে বিভিন্ন ব্যক্তি তথা দল সংগঠন উপস্হিত হৈ লোচনা বাচটোলাক অভিনন্দন জনাই। লোচনাই ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আহিছে। ইফালে কন্যাৰ এই সাফল্যত অত্যন্ত সুখী পিতৃ মাতৃ। কন্যাৰ ভৱিষ্যতৰ সপোন সাৰ্থক কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে পিতৃ মাতৃয়ে।
আৰু পঢ়ক: গোলাঘাটত ১৪৪ ধাৰা জাৰি, সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dnwMWSD
via IFTTT
Comments
Post a Comment