অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহঃ ৰংজুলিত ১৮ টা গৰুসহ ২ খন বাহন জব্দ…

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত গৰুৰ অবৈধ সৰবৰাহ। প্ৰায় প্ৰতিদিনেই উদ্ধাৰ হৈছে চোৰাংকৈ সৰবৰাহ হৈ থকা গৰু। এইবাৰ ৰংজুলিত উদ্ধাৰ হৈছে চোৰাং গৰু। ৰংজুলিত চোৰাং গৰু সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী।
ৰংজুলিৰ খেৰোপাৰাত জব্দ কৰা হৈছে দুখনকৈ গৰু ভৰ্তি বাহন। এই দুয়োখন বাহনত আছিল মুঠ ১৮ টা গৰু। আৰক্ষীয়ে গৰু সৰবৰাহ কৰা দুয়োখন বাহন জব্দ কৰাৰ লগতে বাহন দুখনৰ চালকক আটক কৰিছে। উল্লেখ্য যে দেওবাৰে কলিয়াবৰত ৫৫ টাৰো অধিক গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা ৩ খনকৈ বাহনৰ লগত গৰু জব্দ কৰাৰ লগতে আটক কৰিছিল ৩ জন চালকক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/IyUCZes
via IFTTT
Comments
Post a Comment