দাৰ্জিলিঙত হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জীৰ বিশেষ বৈঠক…

ডিজিটেল ডেস্কঃ আকৌ নতুন ৰাজনৈতিক সমীকৰণ দেখিবলৈ পাব নেকি দেশবাসীয়ে? পুনৰ উত্থাপন হৈছে এই প্ৰশ্ন। কিয়নো দাৰ্জিলিঙৰ ৰাজভৱনত মিলিত হৈছে দুটা ৰাজনৈতিক দলৰ দুজন বিশেষ ব্যক্তি। দুয়োগৰাকী ব্যক্তিয়েই আজিৰ তাৰিখত দেশৰ অন্যতম চৰ্চিত দুগৰাকী মুখ্যমন্ত্ৰী।

দাৰ্জিলিঙৰ ৰাজভৱনত আজি গোপন বৈঠকত মিলিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কি কাৰণত আৰু কি বিষয়ত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হৈছে সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আনহাতে এই বৈঠকত উপস্থিত আছিল বংগৰ ৰাজ্যপাল জগদীপ ধনখাৰো। উল্লেখ্য যে সন্মুখত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। বিৰোধীপক্ষই পৰা মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ কৰা যশোৱন্ত সিনহাক উমৈহতিয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ৈ জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মুক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। গতিকে এই মুহূৰ্তত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি চৰ্চিত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Sg1jmkq
via IFTTT

Comments