ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন…

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বৃহস্পতিবাৰে ধেমাজিতো জিলা প্ৰশাসনৰ সৌজন্যত, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন কৰা হয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে।

এই অনুষ্ঠানৰ উপলক্ষে দিয়া উদ্বোধনী ভাষণত উন্নয়ন আয়ুক্ত গৰাৰীয়ে কয় যে- তৰুণ ৰাম ফুকনৰ মহান ব্যক্তিত্বৰ অনুকৰণে আমাৰ নতুন প্ৰজন্মক উচ্চ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিব পাৰে। তেনে এগৰাকী দেশপ্ৰমিকক আমি সশ্ৰদ্ধ স্মৰণ কৰাটো আমাৰ নৈতিক দায়িত্ব বুলিও তেওঁ মন্তব্য কৰে। স

ভাত অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক পেঞ্চনা উমেশ চেতিয়াই ৷ বক্তব্যত সাহিত্যিক পেঞ্চনা চেতিয়াই দেশপ্ৰেমৰ মহান আদৰ্শৰ আজিৰ সামাজিক প্ৰেক্ষাপটত অতি প্ৰাসঙ্গিক হৈ পৰিছে। জননী আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি থকা ধাৰণা সৰোগত কৰি তেওঁ দেশৰ হকে সেৱা আগবঢ়োৱাৰ মনোভাব গঢ়ি তুলিবলৈ তেওঁ নবীন প্ৰজন্মৰ প্ৰতি মুকলি আহ্বান জনায়।

তেওঁ তৰুণ ৰাম ফুকনৰ জীৱন আৰু আদৰ্শৰ বিভিন্ন দিশৰ বিষয়ে মনোগ্ৰাহী আলোচনা দাঙি ধৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ৷ আদৰণি ভাষনত শৰ্মাই দেশভক্তি তৰুণৰাম ফুকনে অসমত মহাত্মা গান্ধীৰ নেতৃত্বৰ অহিংসা স্বাধীনতা সংগ্ৰামৰ পাতনি মেলি গুৰি ধৰিছিল বুলি উল্লেখ কৰে ৷

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজুমনি ভূঞাই তেওঁৰ চমু ভাষণত নবীন প্ৰজন্মৰ মাজত দেশভক্তিৰ মহান আদৰ্শ জাগৰিত কৰাৰ প্ৰাসঙ্গিকতা দোহাৰে। সভাৰ আৰম্ভণীতে তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা চহৰৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰা হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LJYoU20
via IFTTT

Comments