কংগ্ৰেছৰ শোচনীয় পৰাজয়ঃ পুনৰ ‘জি-২৩’ গোটৰ বৈঠক, নেতৃত্ব পৰিবৰ্তনৰ দাবী উত্থাপনৰ আশংকা…

ডিজিটেল ডেস্কঃ শেহতীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত শুকুৰবাৰে দলটোৰ ‘জি-২৩’ গোটৰ কেইবাজনো নেতা মিলিত হৈছে। এই নেতাসকল একত্ৰিত হোৱা বিষয়টো প্ৰচাৰ হোৱাত তেওঁলোকৰ আগন্তুক ৰণনীতিৰ বিষয়ে আলোচনা কৰা বুলি চৰ্চা চলিছে। ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকখনত কপিল চিবাল, আনন্দ শৰ্মা আৰু মনীষ তিৱাৰীয়ে অংশগ্ৰহণ কৰে। এওঁলোকৰ উপৰিও জি-২৩ৰ প্ৰায়বোৰ নেতাই সভাখনত উপস্থিত আছিল।

এই মুহূৰ্তলৈকে এই নেতাসকলৰ পৰা আলোচনা সন্দৰ্ভত কোনো ৰাজহুৱা বিবৃতি পোৱা হোৱা নাই। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ অংশ হোৱা ‘জি-২৩’ নেতাসকলে বৈঠকত নিৰ্বাচনী পৰাজয় আৰু দলীয় সংগঠনত প্ৰয়োজনীয় পৰিৱৰ্তন আৰু দায়বদ্ধতাৰ বাবে তেওঁলোকৰ পুৰণি দাবীৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে। জি ২৩ গোটৰ গুৰুত্বপূৰ্ণ সদস্য গুলাম নবী আজাদ আৰু আনন্দ শৰ্মা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ অংশ। কংগ্ৰেছৰ ‘জি-২৩’ গোটৰ নেতাসকলে ২০২০ চনৰ আগষ্টত দলৰ সভাপতি ছোনিয়া গান্ধীলৈ পত্ৰ লিখি কংগ্ৰেছত সভাপতি আৰু সংগঠনত আমূল পৰিৱৰ্তনৰ দাবী জনাইছিল।

উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত ‘জি-২৩’ গোটৰ নেতাসকলৰ বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে বিধানসভা নিৰ্বাচনত দলৰ পৰাজয়ক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে আৰু তেওঁ আশা কৰিছে যে, কংগ্ৰেছে অতি সোনকালে ৰাইজৰ বিশ্বাস পুনৰ জিকিব।

ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা খাৰ্গেই টুইট কৰি কয়, মোৰ ৫০ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত মই বহুতো উত্থান-পতন দেখিছো। এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল দেখাটো দুৰ্ভাগ্যজনক। কিন্তু আমি মনত ৰাখিব লাগিব যে কেৱল আমিহে ফেচিষ্ট শক্তিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। আমি সোনকালেই মানুহৰ বিশ্বাস পুনৰ জিকিম।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/akM1BvC
via IFTTT

Comments